অসম

assam

ETV Bharat / state

Dhulia Bihuwoti felicitated in Nalbari:নলবাৰীত তিনি শতাধিক ঢুলীয়া বিহুৱতীক সম্বৰ্ধনা - বিহু গীনিজ বুক অৱ্ ৱ’ৰ্ল্ড ৰেকৰ্ডছ

নলবাৰীত তিনি শতাধিক ঢুলীয়া-বিহুৱতীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । সাংসদ দিলীপ শইকীয়া আৰু বিজেপিৰ সাংগঠনিক সম্পাদক ফনিন্দ্ৰ নাথ শৰ্মাই এই অনুষ্ঠানত উপস্থিত থাকি সকলোকে সম্বৰ্ধনা জনায় (Dhulia Bihuwoti felicitated in Nalbari) ৷ এছ আই জোনমণি ৰাভাৰ ৰহস্যঘন মৃত্যুৰ সন্দৰ্ভতো কেতবোৰ মন্তব্য কৰে সাংসদ দিলীপ শইকীয়াই ।

Dhulia Bihuwoti felicitated in Nalbari
সম্বৰ্ধনা অনুষ্ঠান

By

Published : May 19, 2023, 7:59 AM IST

Updated : May 19, 2023, 9:32 AM IST

নলবাৰী, ১৯ মে’ : অসমৰ বিহুৱে ইতিমধ্যে গীনিজ বুক অৱ্ ৱ’ৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিলে । ৰাজ্য চৰকাৰৰ উদ্যোগত ১৪ এপ্ৰিলত গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত ১১,৩০৪ গৰাকী বিহুৱতীয়ে সমূহীয়াকৈ বিহু নৃত্য প্ৰদৰ্শনেৰে বিশ্বৰ ইতিহাসত নাম অন্তৰ্ভুক্ত কৰিলে । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নলবাৰীৰ পৰাও প্ৰায় তিনি শতাধিক বিহুৱা-ঢুলীয়াই উক্ত বিহু প্ৰদৰ্শনত অংশগ্ৰহণ কৰিছিল ।

বৃহস্পতিবাৰে নলবাৰী চহৰস্থিত নাট্য মন্দিৰ প্ৰেক্ষাগৃহত ভাৰতীয় জনতা পাৰ্টী নলবাৰী জিলাৰ উদ্যোগত, ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলা আৰু সাংস্কৃতিক কোষৰ সহযোগত, নলবাৰী জিলাৰ পৰা প্ৰতিনিধিত্ব কৰা বিহু নৃত্য শিল্পী আৰু বিহু বাদ্যকাৰক উৎসাহিত কৰাৰ উদ্দেশ্যে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় (Dhulia Bihuwoti felicitated in Nalbari)। অনুষ্ঠানত প্ৰায় তিনি শতাধিক বিহু শিল্পীক সম্বৰ্ধনা জনোৱা হয় ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সাংগাঠনিক সম্পাদক ফনিন্দ্ৰ নাথ শৰ্মা, বিজেপিৰ জিলা সভাপতি ডাঃ মৃগাংগ তালুকদাৰ, জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, জিলা পৌৰসভাৰ সভানেত্ৰী জয়শ্ৰী তালুকদাৰ পাঠক সহিতে বিজেপিৰ জিলা, যুৱ মৰ্চাৰ কৰ্মকৰ্তাসকল আৰু বিহু নৃত্যৰ শিল্পীসকল ।

ভাষণ প্ৰসংগত আটাইকেইগৰাকী বক্তাই প্ৰথমতে বিহু নৃত্যৰ শিল্পীসকলক ধন্যবাদ জনাই অসমীয়াৰ বাপতি সাহোন বিহুক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লোৱা পদক্ষেপক শলাগ জনায় । আনহাতে, অসমীয়া সংস্কৃতিৰ সত্তা বিহুৰ ৰক্ষাৰ্থে প্ৰতিজন অসমীয়াক আগভাগ ল’বলৈ আহ্বান জনায় । তেওঁলোকে ৰাজ্য চৰকাৰে বিহুক কেন্দ্ৰ কৰি এক বিহুৰ উদ্যোগ গঢ়ি তুলি অসমীয়া যুৱক-যুৱতীসকলক সংস্থাপন দিয়াৰো পৰিকল্পনা লোৱাৰ কথা জানিবলৈ দিয়ে ।

ইপিনে এছ আই জোনমণি ৰাভাৰ ৰহস্যঘন মৃত্যু সন্দৰ্ভত সাংসদ দিলীপ শইকীয়াই সাংবাদিকৰ আগত জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত ইতিমধ্যে চি আই ডি য়ে ক্ষীপ্ৰতাৰে চলাই আছে বুলি সদৰী কৰে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙেও তদন্ত অব্যাহত ৰখা বুলি মন্তব্য কৰে মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই । দুৰ্ঘটনা, হত্যা নে অন্য কিবা কাৰণত জোনমণিৰ মৃত্যু হৈছিল, সেই সকলো তথ্য তদন্তৰ পিছতহে পোহৰলৈ আহিব বুলি নলবাৰী নাট্য মন্দিৰত উল্লেখ কৰে সাংসদ দিলীপ শইকীয়াই ।

লগতে পঢ়ক :National Ayush Mission Conclave in Delhi : দুদিনীয়া কাৰ্যসূচীৰে দিল্লীত আয়োজন নেছনেল আয়ুষ মিছন কনক্লেভ

Last Updated : May 19, 2023, 9:32 AM IST

ABOUT THE AUTHOR

...view details