নলবাৰী, 20 মে': নলবাৰীত ষ্টেট বেংকৰ গ্ৰাহকৰ একাউন্টৰ পৰা ধন হৰলুকীৰ ঘটনা ৷ ষ্টেট বেংকৰ নলবাৰী শাখাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ৷ বৰপেটাৰ চেঙাৰ গিৰীণ বৈশ্য নামৰ পেঞ্চনাৰ এজনৰ একাউণ্টৰ পৰা কোনো দুষ্ট চক্ৰই লুটি নিলে 68 হাজাৰ টকা ৷ এই ঘটনা পোহৰলৈ অহাৰ পাছতে স্বাভাৱিকতেই আতংকিত হৈ পৰিছে একাউন্টৰ গৰাকী ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে নলবাৰী সদৰ থানাত দাখিল কৰা হৈছে গোচৰ ৷
নলবাৰীত ষ্টেট বেংকৰ গ্ৰাহকৰ একাউন্টৰ পৰা ধন হৰলুকী - নলবাৰী সদৰ থানাত দাখিল কৰা হৈছে গোচৰ
বৰপেটাৰ চেঙাৰ গিৰীণ বৈশ্য নামৰ পেঞ্চনাৰ এজনৰ একাউণ্টৰ পৰা কোনো দুষ্ট চক্ৰই লুটি নিলে 68 হাজাৰ টকা ৷
![নলবাৰীত ষ্টেট বেংকৰ গ্ৰাহকৰ একাউন্টৰ পৰা ধন হৰলুকী Money loot from SBI account by hacker at Nalbari](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7284461-thumbnail-3x2-p1.jpg)
নলবাৰীত ষ্টেট বেংকৰ গ্ৰাহকৰ একাউন্টৰ পৰা ধন হৰলুকী
নলবাৰীত ষ্টেট বেংকৰ গ্ৰাহকৰ একাউন্টৰ পৰা ধন হৰলুকী
ঘটনাৰ বিৱৰণী অনুসৰি, বুধবাৰে একাউন্টৰ গৰাকী গিৰীণ বৈশ্যৰ বেংকৰ পৰা ধন উলিয়াবলৈ যাওঁতে পাচবুক up-to-date কৰাতহে পোহৰলৈ আহে এই ঘটনা ৷ ইয়াৰ পূৰ্বেও গ্ৰাহকজনৰ একাউন্টৰ পৰা এনেদৰে ধন হৰলুকী হোৱাৰ কথা জনোৱাৰ লগতে এই ঘটনাৰ আঁৰত এটা বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে গিৰীণ বৈশ্যৰ পুত্ৰই ৷
লগতে পঢ়কঃ ক'ৰণা ৰোগীৰ চিকিৎসা সন্দৰ্ভত ডাঃ অভিজিৎ শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য
Last Updated : May 21, 2020, 4:25 PM IST