নলবাৰী,২৯ জানুৱাৰী:২০২৩ চনৰ মোহন ভাইৰা স্মাৰক বঁটা শোণিতপুৰ জিলাৰ তেজপুৰ মহকুমাৰ বিহগুৰি মৌজাৰ পিঠাখোৱা গাঁৱৰ লোকশিল্পী অনিৰাম নাথলৈ আগবঢ়োৱা হৈছে(Mohan Vaira Award to folk artist Aniram Nath) । দেওবাৰে নলবাৰী শ্বহীদ ভৱনত এক সংবাদমেল যোগে ঘোষণা কৰা হয় এই বঁটা । সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, কাৰ্যনিৰ্বাহক ৰিয়াজুউদ্দিন আহমেদ, জিলা ছাত্ৰ সন্থাৰ সভাপতি গুনজ্যোতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকা আৰু নলবাৰী জিলা উন্নতি সভাৰ সভাপতি হোমেশ্বৰ তালুকদাৰ, সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকা উপস্থিত থকা সংবাদমেলত এই কথা উল্লেখ কৰে ।
সংবাদমেলতে বিষয়ববীয়াসকলে কয় যে নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই ২০০৯ ইং চনৰ পৰা সংস্কৃতিৰ পথাৰৰ পৰা হেৰাই যাব ধৰা থলুৱা কলা সংস্কৃতি সাধনাৰে অসমৰ সংস্কৃতিৰ বৰঘৰ চহকী কৰা বিশিষ্ট শিল্পীক সন্মান প্ৰদান কৰাৰ বাবে ২০০৯ চনত পুণ্য প্ৰভা দত্ত তামুলী, ২০১০ চনত সীতাৰাম ৰায়, ২০১১ চনত মুকুতাৰাম বৰুৱা ওজা, ২০১২ চনত মাণিক শইকীয়া ওজা, ২০১৩ চনত ৰূহীন ৰাভা, ২০১৪ চনত দ্বেজেন গগৈ, ২০১৫ প্ৰভাত শৰ্মা, ২০১৬ চনত হৰি বৰবায়ন, ২০১৭ চনত ৰামচৰণ ভৰালী, ২০১৮ চনত লোকনাথ কুটুমক প্ৰদান কৰা হয় যদিও ২০১৯ ৰ কা আন্দোলন আৰু ২০২০ ক'ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত এই বঁটা প্ৰদান কৰিব পৰা নগল, ২০২১ হৰেকৃষ্ণ তালুকদাৰ, ২০২২ নিকুঞ্জ পাঠকলৈ আগবঢ়োৱা হৈছিল এই বঁটা ।
এইবেলি অৰ্থাৎ ২০২৩ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বঁটা সন্মান প্ৰদান কৰা হ'ব বিশিষ্ট লোকশিল্পী, লোক সংস্কৃতিৰ সাধক শোণিতপুৰ জিলাৰ তেজপুৰ মহকুমাৰ বিহগুৰি মৌজাৰ পিঠাখোৱা গাঁৱৰ অনিৰাম নাথক(Folk artist Aniram Nath) । সৰুৰে পৰা ঢোল, নাগাৰা, দোঁতাৰা, পেঁপা, বাঁহী আৰু গগনাৰ প্ৰতি আগ্ৰহী নাথক ১ ফেব্ৰুবাৰীত অনুষ্ঠিত হ'ব লগা অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব ৷ অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৰ্গ উপস্থিত থাকিব ।