অসম

assam

By

Published : Sep 17, 2019, 11:20 PM IST

ETV Bharat / state

নলবাৰীত মোডীৰ জন্মদিন পালন, চন্দ্ৰমোহন পাটোৱাৰীৰ ফল-মূল বিতৰণ

আজি নলবাৰীত উপস্থিত হয় ৰাজ্য চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী । নলবাৰীত ফল মূল বিতৰণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷

নলবাৰীত মোডীৰ জন্মদিন পালন, চন্দ্ৰমোহন পাটোৱাৰীৰ ফল মূল বিতৰণ

নলবাৰী, 17 ছেপ্তেম্বৰঃদেশৰ লগতে আজি নলবাৰীতো পালন কৰা হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৬৯ সংখ্যক ওপজা দিন । মোডীৰ ওপজা দিনৰ অনুষ্ঠানত নলবাৰীত উপস্থিত হয় ৰাজ্য চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী । নলবাৰী বিজেপিৰ উদ্যোগতশান্তি নিবাস অনাথ আশ্ৰমত আয়োজিত অনুষ্ঠানত উপস্থিত হয় আশ্ৰমত থকা ত্ৰিশ গৰাকীকৈ আৱাসীৰ মাজত ফল-মূল বিতৰণ কৰাৰ লগতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে ।

চন্দ্ৰমোহন পাটোৱাৰীৰ ফল মূল বিতৰণ

আনহাতে নলবাৰী অসামৰিক হাস্পতালতো উপস্থিত হৈ ৰোগী সকলৰ মাজত ফল-মূল বিতৰণৰ কৰি দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ ওপজা দিন পালন কৰে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটৱাৰীয়ে ৷

ABOUT THE AUTHOR

...view details