অসম

assam

ETV Bharat / state

সাহিত্যসভাৰ উদ্যোগত ভ্ৰাম্যমাণ থিয়েটাৰৰ কলা-কুশলীক বিশেষ সম্বধৰ্ণা

নলবাৰী নাট্যমন্দিৰত ভ্ৰাম্যমাণ থিয়েটাৰৰ কলা-কুশলীক উৎসাহিত কৰাৰ লক্ষ্যৰে অসম সাহিত্য সভাৰ বিশেষ সম্বধৰ্ণা অনুষ্ঠান

ভ্ৰাম্যমাণ থিয়েটাৰৰ কলা-কুশলীৰ বিশেষ সম্বধৰ্ণা অনুষ্ঠান

By

Published : Aug 11, 2019, 11:57 PM IST

নলবাৰী, 11 জুলাই : অসমৰ সমাজ জীৱনত বিশেষ অৰিহনা যোগোৱা ভ্ৰাম্যমাণ থিয়েটাৰৰ কলা কুশলীক উৎসাহিত কৰাৰ লক্ষ্যৰে দেওবাৰে অসম সাহিত্য সভাই আয়োজন কৰে এক সম্বৰ্ধনা অনুষ্ঠান । নলবাৰী নাট্য মন্দিৰত অনুস্থিত এই অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, সম্পাদক প্ৰধান পদুম ৰাজখোৱা ,জলসিঞ্চন মন্ত্ৰী মন্ত্ৰী ভবেশ কলিতা, আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়া আদিৰ উপস্থিতিত আজি এই বঁটা প্ৰদান কৰা হয় । আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়াই উন্মোচন কৰে স্মৃতি গ্ৰন্থখন ।"জীৱন যোৰা সাধনা বঁটা" প্ৰদান কৰা হয় ভ্ৰাম্যমাণ থিয়েটাৰৰ এক এৰাব নোৱাৰা অংগ কৃষ্ণ ৰয় দেৱক ৷ শ্ৰেষ্ঠ নাট্য দলৰ বঁটা প্ৰদান কৰা থিয়েটাৰ 'সুৰ্য'ক ৷ সন্মানীয় 'ভ্ৰাম্যমাণ নাট্য সাহিত্য' বঁটা প্ৰদান কৰা হয় নাট্যকাৰ অভিজিৎ ভট্ৰাচাৰ্য্যক । শ্ৰেষ্ঠ অভিনেতাৰ সন্মান বুটলিবলৈ সক্ষম হয় সঞ্জীব শৰ্মাই আৰু শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰে প্ৰস্তুতি পৰাশৰে । লগতে শ্ৰেষ্ঠ নাটক 'মস্তান' আৰু 'দেউতা', শ্ৰেষ্ঠ পৰিচালক মৃদুল বৰুৱা, শ্ৰেষ্ঠ আবহ সংগীত বঁটা তৰালী শৰ্মাক, আৰু শ্ৰেষ্ঠ গীতৰ বঁটা প্ৰদান কৰা হয় অজয় ফুকনক ।

ভ্ৰাম্যমাণ থিয়েটাৰৰ কলা-কুশলীৰ বিশেষ সম্বধৰ্ণা অনুষ্ঠান

ABOUT THE AUTHOR

...view details