অসম

assam

ETV Bharat / state

মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা - অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে

নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা (MNCBM election result announced in Nalbari)। সৰ্বমুঠ দহটা পদৰ পাঁচটা পদত এন এছ ইউ আই, চাৰিটা পদত এবিভিপি আৰু এটা পদত আছুৰ প্ৰাৰ্থীৰ জয়লাভ । মহাবিদ্যালয়খনৰ ছাত্ৰী একতা সভা নিৰ্বাচনত পোন প্ৰথমবাৰৰ বাবে এবিভিপিৰ প্ৰাৰ্থীৰ জয়লাভ ।

MNCBM election result announced in Nalbari
নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ ছাত্ৰী একতা নিৰ্বাচনৰ ফলাফল ঘোষণা

By

Published : Oct 1, 2022, 9:39 AM IST

নলবাৰী, 1 অক্টোবৰ:নলবাৰীৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত হৈ যায় ছাত্ৰী একতা সভাৰ সাধাৰণ নিৰ্বাচন (Mahendra Narayan Choudhury Balika Mahavidyalaya Election) ৷ মুঠ দহটা বিভাগত অনুষ্ঠিত হয় এই নিৰ্বাচন । নিৰ্বাচনত জয়লাভ এবিভিপি আৰু এনএছইউআইৰ সমৰ্থিত প্ৰাৰ্থীৰ ৷ আনহাতে বিনা প্ৰতিদ্বন্দিতাৰে আলোচনী বিভাগৰ সম্পাদিকা পদত জয়লাভ কৰে আছুৰ সমৰ্থিত প্ৰাৰ্থী লিনা ৰাজবংশীয়ে ।

সৰ্বমুঠ দহটা পদৰ পাঁচটা পদত এন এছ ইউ আই, চাৰিটা পদত এবিভিপি আৰু এটা পদত আছুৰ প্ৰাৰ্থীৰ জয়লাভ (MNCBM election result announced in Nalbari)। এন এছ ইউ আইৰ ভেটিত মোক্ষম আঘাত । চাৰিখনকৈ আসন লাভ কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে । ইয়াৰ বিপৰীতে পাঁচখন আসন লাভ কৰে জাতীয় কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন এন এছ ইউ আইয়ে (ABVP and AASU candidates won Election) ।

নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ ছাত্ৰী একতা নিৰ্বাচনৰ ফলাফল ঘোষণা

এইবেলি বালিকা মহাবিদ্যালয়খনত সাধাৰণ সম্পাদিকাৰ পদটি দখল কৰে এবিভিপিয়ে । উল্লেখ্য যে, অতীজৰে পৰা এন এছ ইউ আইৰ দখলত আছিল মহাবিদ্যালয়খনৰ ছাত্ৰী একতা সভাৰ আটাইকেইটা পদ ।

এবিভিপিৰ পৰা সাধাৰণ সম্পাদিকাৰ পদত প্ৰাপ্তি হালৈ, সহকাৰী সাধাৰণ সম্পাদিকাৰ পদত বিদিশা হালৈ, সমাজ সেৱিকাৰ পদত ৰূপাক্ষী শইকীয়া, গাৰ্লছ কমন ৰুমৰ পদত ভাস্বতী তামুলীয়ে জয়লাভ সাব্যস্ত কৰে । আনহাতে সাংস্কৃতিক সম্পাদিকাৰ পদত এন এছ ইউ আইৰ নেহা আখতাৰ, মিউজিক সম্পাদিকাৰ পদত হিমাক্ষী নাথ, মেজৰ গেমছৰ পদত ঈশামনি বৈশ্য, মাইনৰ গেমছৰ পদত জংকিতা হালৈ আৰু ডিবেট সম্পাদিকাৰ পদত মৌচুমী আখতাৰে জয়লাভ কৰে ।

ছাত্ৰী একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে উভয় দলৰ সমৰ্থকসকলে ৰং ফাকু সানি ফটকা ফুটাই এক আবতৰীয়া দীপাৱলী উদযাপন কৰে ।

লগতে পঢ়ক:কটনৰ নিৰ্বাচন কেন্দ্ৰিক সংঘাতত অসম ছাত্ৰ পৰিষদ প্ৰত্যক্ষভাৱে জড়িত থকাৰ অভিযোগ

ABOUT THE AUTHOR

...view details