নলবাৰী,15 মে’: বিধায়ক হৈ প্ৰথবাৰৰ বাবে নিজ সমষ্টিৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হ’ল নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা ৷ পি পি কিট পৰিধান কৰি ক’ভিড কেয়াৰ চেন্টাৰৰ ভিতৰত প্ৰৱেশ কৰি বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ ৷
বিধায়ক জয়ন্ত মল্ল বৰুৱাই বাৰ্তালাপ কৰে ক’ভিড ৰোগীৰ সৈতে ৷ নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত শনিবাৰে নলবাৰী সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক জয়ন্ত মল্ল বৰুৱা উপস্থিত হৈ ক’ভিড ৰোগীৰ স্বাস্থ্য বুজ লয় ৷