নলবাৰী, 26 জুলাই : সোমবাৰে নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সম্বৰ্ধনা সভাত অংশ লৈ লখিমপুৰ কংগ্ৰেছ (Lakhimpur Congress)ৰ মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা (Jayanta Malla Baruah)ই ৷ তেওঁ কয় যে, কংগ্ৰেছ দলটোক ছোনিয়া গান্ধী-ৰাহুল গান্ধীৰ বহতীয়া কৰিব নোৱাৰি ৷ কংগ্ৰেছত থাকোতে গোপীনাথ বৰদলৈ আৰু দেৱেশ্বৰ শৰ্মাই সনাতনী আদৰ্শৰ কথা কৈছিল ৷ কিন্তু ৰিপুণ বৰা ভূপেন কুমাৰ বৰাই বাংলাদেশী মিঞাৰ হৈ কথা কয় ।
তেওঁ কয় যে, বৰ্তমানৰ কংগ্ৰেছ কৰ্মীসকল বদৰুদ্দিন আজমলৰ বি-টীম । আজমলৰ বি-টীমত কোনো মানুহ নাথাকে । সনাতনী সংস্কৃতিৰ লোক নাথাকে ৷ দেওবাৰে লখিমপুৰত একাংশ কংগ্ৰেছীয়ে বৰ্তমানেও ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ থকা বুলি কৰা মন্তব্যৰ এইদৰে উভতি ধৰে বিধায়ক জয়ন্ত মল্ল বৰুৱাই ৷ ইয়াৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ (Assam Pradesh Congress)ৰ নৱ নিৰ্বাচিত সভাপতি ভূপেন কুমাৰ বৰা (Bhupen Kumar Borah)ক কটাক্ষ কৰে বিধায়গকগৰাকীয়ে ।