নলবাৰী,30 মে': নলবাৰী জিলাৰ বৰভাগ কমাৰকুছি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু সানেকুছি ৰাজ্যিক চিকিৎসালয়ত শনিবাৰে বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক দিগন্ত বৰ্মন উপস্থিত হৈ অঞ্চলটোৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ বুজ লয় ৷ বিধায়ক গৰাকীয়ে কমাৰকুছি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ স্বাস্থ্য বিষয়া তথা বিষয়া-কৰ্মচাৰীৰ সৈতে ক'ভিড পৰিস্থিতিৰ বুজ লোৱাৰ লগতে চিকিৎসা কেন্দ্ৰটোৰ অন্যান্য ব্যৱস্থাৱলী সন্দৰ্ভতো আলোচনা কৰে ।
কমাৰকুছিৰ ক'ভিড পৰিস্থিতিৰ বুজ ল'লে বিধায়ক দিগন্ত বৰ্মনে - নৱ নিৰ্বাচিত বিধায়ক দিগন্ত বৰ্মন
শেহতীয়া ক'ভিড পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে বৰভাগ কমাৰকুছি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু সানেকুছি ৰাজ্যিক চিকিৎসালয়ত উপস্থিত হয় বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক দিগন্ত বৰ্মন ৷

বৰভাগ কমাৰকুছিৰ ক'ভিড পৰিস্থিতিৰ বুজ ল'লে বিধায়ক দিগন্ত বৰ্মনে
কমাৰকুছিৰ ক'ভিড পৰিস্থিতিৰ বুজ ল'লে বিধায়ক দিগন্ত বৰ্মনে
ইয়াৰ পিচতেই বিধায়ক গৰাকী সানেকুছি ৰাজ্যিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খনৰ তত্বাৱধায়ক চিকিৎসক ডাঃ হেমেন কুমাৰ শৰ্মাৰ সৈতে ক'ভিড পৰিস্থিতিৰ বুজ লৈ সমস্যাসমূহ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
লগতে পঢ়ক:নলবাৰীত বিজেপিৰ কিষাণ মৰ্চাৰ ৰক্তদান শিবিৰ অনুষ্ঠিত