নলবাৰী ১৬ আগষ্ট:স্বাধীনতা দিৱসৰ দিনাই বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে আগবঢ়ালে দুখনকৈ এম্বুলেঞ্চ(MLA Diganta Barman donate ambulance in Nalbari)। বিধায়কগৰাকীয়ে বিধায়ক পুঁজিৰ ধনেৰে জিলাখনৰ মুকালমুৱা চিকিৎসালয় আৰু বৰভাগৰ কমাৰকুছি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আগবঢ়াইছে দুখন এম্বুলেঞ্চ । স্বাধীনতা দিৱসৰ দিনাই বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক বৰ্মনৰ এনে পদক্ষেপক সকলো ৰাইজে আদৰণি জনাইছে ।
বিধায়ক পুঁজিৰে দুখন এম্বুলেঞ্চ আগবঢ়ালে দিগন্ত বৰ্মনে - Kamarkusi Health Centre
স্বাধীনতা দিৱসৰ দিনাই বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে জিলাখনৰ দুখন চিকিৎসালয়লৈ আগবঢ়ালে এম্বুলেঞ্চ(MLA Diganta Barman donate ambulance in Nalbari)। এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত বিধায়ক বৰ্মনৰ লগতে উপস্থিত থাকে নলবাৰী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ।
ৰোগীৰ চিকিৎসা সেৱাৰ সুবিধাৰ্থে মুকালমুৱা চিকিৎসালয়(Mukalmua Hospital) আৰু বৰভাগৰ কমাৰকুছি স্বাস্থ্য কেন্দ্ৰত(Kamarkusi Health Centre)দুখন এম্বুলেঞ্চ আগবঢ়োৱা বুলি কয় বিধায়ক বৰ্মনে । ২০২১-২০২২ বৰ্ষৰ বিধায়ক পুঁজিৰ ধনেৰে এম্বুলেঞ্চ দুখন চিকিৎসালয়লৈ আগবঢ়োৱা বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে দুয়োটা অঞ্চলৰ ৰাইজ উপকৃত হ'ব । স্বাধীনতা দিৱসৰ দিনাই বিধায়ক বৰ্মনে আনুষ্ঠানিকভাৱে এম্বুলেঞ্চ দুখন হস্তান্তৰ কৰে মুকালমুৱা চিকিৎসালয় আৰু কমাৰকুছি স্বাস্থ্য কেন্দ্ৰৰ কৰ্তৃপক্ষক । এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত বিধায়ক বৰ্মনৰ লগতে উপস্থিত থাকে নলবাৰী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক উমেশ ফাংচু আৰু মুকালমুৱা চিকিৎসালয়ৰ কৰ্তৃপক্ষ।
লগতে পঢ়ক:বিহপুৰীয়াৰ বৰবালিত ১০০ মিটাৰ দৈৰ্ঘ্যৰ পতাকাৰে ত্রিৰংগা যাত্ৰা