অসম

assam

ETV Bharat / state

উপায়ুক্ত কাৰ্যালয়ৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত বিধায়ক অশোক শৰ্মাৰ প্ৰতিক্ৰিয়া - appointment scam at Nalbari DC office

এইয়া সৎ পথেৰে আগবাঢ়িব নোৱাৰা কোনো অসাধু লোকৰ উদ্দেশ্য প্ৰণোদিত কাম বুলি মন্তব্য কৰিছে বিধায়ক অশোক শৰ্মাই ৷ আনহাতে এইয়া দুৰ্নীতি নহয় কেৱল মাত্ৰ যান্ত্ৰিক বিজুতি বুলি দাবী কৰিছে বিধায়ক গৰাকীয়ে ৷

mla-ashok-sarmas-reaction-on-appointment-scam-at-nalbari-dc-office
উপায়ুক্ত কাৰ্যালয়ৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত বিধায়ক অশোক শৰ্মাৰ প্ৰতিক্ৰিয়া

By

Published : Jan 9, 2021, 6:18 PM IST

নলবাৰী,9 জানুৱাৰী: নলবাৰীৰ উপায়ুক্তৰ কাৰ্যালয়ত নিযুক্তিত কেলেংকাৰী আৰু ভাইৰেল অডিঅ' সন্দৰ্ভত বিধায়ক অশোক শৰ্মাৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷ এইয়া সৎ পথেৰে আগবাঢ়িব নোৱাৰা কোনো অসাধু লোকৰ উদ্দেশ্য প্ৰণোদিত কাম বুলি মন্তব্য কৰিছে বিধায়ক অশোক শৰ্মাই ৷ আনহাতে এইয়া দুৰ্নীতি নহয় কেৱল মাত্ৰ যান্ত্ৰিক বিজুতি বুলি দাবী কৰিছে বিধায়ক গৰাকীয়ে ৷ আনহাতে এই বিষয়ত তেওঁ কোনো কাৰণতে জড়িত নহয় বুলি স্পষ্ট কৰিছে বিধায়ক গৰাকীয়ে ৷ মন কৰিবলগীয়া যে,এই বাতৰি প্ৰকাশ কৰা সংবাদ গোষ্ঠীক ইতিকিং সূচক মন্তব্য কৰি সাংবাদিকৰ প্ৰশ্ন এৰাই চলাৰ যত্ন কৰে বিধায়ক গৰাকীয়ে ৷

উপায়ুক্ত কাৰ্যালয়ৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত বিধায়ক অশোক শৰ্মাৰ প্ৰতিক্ৰিয়া

উল্লেখ্য যে,নলবাৰীৰ উপায়ুক্তৰ কাৰ্যালয়ত নিযুক্তিত কেলেংকাৰী সংঘটিত হোৱা বুলি যুৱ ছাত্ৰ পৰিষদে সংবাদ মেল আয়োজন কৰাৰ পাছতেই উপায়ুক্তৰ কাৰ্যালয়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ৷ এই নিযুক্তি কেলেংকাৰীত উপায়ুক্ত পূৰৱী কোঁৱৰৰ নাম সাঙোৰ খোৱাৰ লগতে সাঙুৰ খাইছিল জয়ন্ত মল্ল বৰুৱা আৰু বিধায়ক অশোক শৰ্মাৰ নাম ৷ বিজেপি কৰ্মকৰ্তাৰ পৰিয়ালৰ জিন্টু দাস বৈশ্য নামৰ এগৰাকী মহিলা নিযুক্তি দিয়াৰ সমস্ত প্ৰক্ৰিয়াত নাম সাঙোৰ খাইছে বিধায়ক অশোক শৰ্মাৰ নাম ৷ বক্ৰ পথেৰে অফিচ পিয়নৰ চাকৰি ল'বলৈ চেষ্টা চলোৱা জিন্টু দাস বৈশ্যৰ নিযুক্তি বিসংগতি সন্দৰ্ভত ইতিমধ্যে সংবাদমেলো আয়োজন কৰিছে জিলা উপায়ুক্ত পূৰবী কোঁৱৰে ৷

লগতে পঢ়কঃনলবাৰীত উপায়ুক্তৰ কাৰ্যালয়ত নিযুক্তি কেলেংকাৰী

ABOUT THE AUTHOR

...view details