নলবাৰী, ২২ ডিচেম্বৰ : সমাগত 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীলৈ লক্ষ্য ৰাখি বিশেষভাৱে সষ্টম হৈছে ৰাজ্যৰ পৰিবহন বিভাগ ৷ বিগত বৰ্ষৰ উক্ত দিন দুটাৰ তুলনাত এইবেলি যাতে দুৰ্ঘটনাৰ পৰিমান হ্ৰাস অথবা শূণ্য কৰিব পাৰে তাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা লোৱা হৈছে বিশেষ ব্যৱস্থা ৷ যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধ অধিক কঠোৰ হৈছে আৰক্ষী ৷
ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুৰ্ঘটনাৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ আৰক্ষীৰ যান-বাহন শাখাৰ লগতে বিভাগীয় কৰ্তৃপক্ষলৈ জাৰি কৰিছে নিৰ্দেশনা ৷ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পাছতে সষ্টম হৈ পৰিছে পৰিবহন বিভাগ ৷ যান-বাহন আইন উলংঘাকাৰীক এশিকনি দিবলৈ ইতিমধ্যে গঠন কৰা হৈছে ‘কুৰুক্ষেত্ৰ’ (Mission Kurukhetra Assam)৷ যাৰ জৰিয়তে ৰাজপথত অভিযান চলাই সুৰাপায়ী-আইন উলংঘাকাৰীক কঠোৰ শাস্তি বিহাৰ লগতে চালকৰ অনুজ্ঞাপত্ৰ পৰ্যন্ত বাতিলৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷
শীত অহাৰ লগে লগেই যেন বৃদ্ধি পাবলৈ লয় দুৰ্ঘটনাৰ সংখ্যা (Road accident in Assam)৷ আনহাতে একাংশ লোকে পৰিবহন আইন উলংঘা কৰি হেলমেট পৰিধান নকৰি অথবা চাৰিচকীয়া বাহনত চিট বেল্ট নলোৱাকৈ অথবা সুৰা সেৱন কৰি গাড়ী চলোৱাৰ ফলত বৃদ্ধি পাবলৈ লৈছে দুৰ্ঘটনাসমূহ ৷ কিন্তু এই দুৰ্ঘটনাৰ কাৰকসমুহ নিৰ্মূল কৰাৰ বাবে নলবাৰী পৰিবহণ বিষয়াৰ কাৰ্যালয়ে বাৰেবাৰে জনসাধাৰণক সজাগ কৰাৰ পাছতো পৰিবহন বিভাগৰ নীতি-নিৰ্দেশনা অমান্য কৰি আহিছে একাংশ লোকে ৷