নলবাৰী, ১৬ নৱেম্বৰ:নলবাৰীৰ SUCI কাৰ্যালয়ত অচিনাক্ত দুৰ্বৃত্তৰ গুণ্ডাগিৰি । কাৰ্যালয় লণ্ড-ভণ্ড কৰাৰ লগতে বাহিৰলৈ দলিয়াই পেলালে সংগঠনটোৰ নথি-পত্ৰ । আনকি দুৰ্বৃত্তই জংঘললৈ দলিয়াই দিলে শ্বহীদ কনকলতা বৰুৱা, শ্বহীদ মুকুন্দ কাকতি, ভগত সিং আদিৰ দৰে মহান শ্বহীদসকলৰ ফটো সম্বলিত বেনাৰ পোষ্টাৰ ।
কোনে কি উদ্দেশ্যেৰে কাৰ্যালয়টোত উদ্ভণ্ডালি চলালে তাক লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ উল্লেখযোগ্য যে SUCI য়ে দীৰ্ঘদিনৰে পৰা নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পূৰ্বৰ মৰ্যাদা ঘূৰাই দিয়াৰ দাবীত অব্যাহত ৰাখিছিল প্ৰতিবাদ । তাৰ বাবেই সংগঠনটো আজি দুৰ্বৃত্তৰ আক্ৰোশৰ বলি হোৱাৰ অভিযোগ সংগঠনটোৰ নেতা-কৰ্মীৰ ।
উল্লেখযোগ্য যে, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বৃহস্পতিবাৰে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়ৰ উদ্বোধনী সভাতে বিষয়টোক লৈ আন্দোলন কৰা সকলক দিছিল মুকলি ধমক ৷ আজি নিশাৰ ভিতৰতেই নলবাৰী এৰিবলৈ মুকলি ধমক দিছিল জয়ন্ত মল্ল বৰুৱাই । তাৰ কিছু সময় পিছতেই সংগঠনটোৰ কাৰ্যালয়ত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা ।