নলবাৰী, ১০ ফেব্ৰুৱাৰী: শনিবাৰে নিশা নলবাৰীৰ আমনি বাবাৰ থানৰ সমীপৰ বুঢাদিয়া নদীৰ কাঠৰ দলংখন অচিনাক্ত দুৰ্বৃত্তই জ্বলাই দিয়ে। দলংখন জ্বলাই দিয়াৰ বাবে দুয়োপাৰৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে।
দুবৃত্তই জ্বলাই দিলে কাঠৰ দলং
দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা কাঠৰ দলংখন মেৰামতিৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ৰাইজে বাৰম্বাৰ দাবী জনাই আহিছিল।
কিন্তু শনিবাৰে নিশা কোনো দুৰ্বৃত্তই দলংখন জ্বলাই দিয়াত বৃহত্তৰ অঞ্চলটোত যাতায়ত ব্যাহত হৈ পৰে ।