নলবাৰী, ৪ ডিচেম্বৰ:নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে মন্ত্ৰী সঞ্জয় কিষাণৰ কনভয়ৰ চালক-দেহৰক্ষী আৰু নলবাৰী আৰক্ষীৰ এজন বিষয়াৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা ৷ ৰাষ্ট্ৰীয় ঘাইপথত মন্ত্ৰী সঞ্জয় কিষাণৰ কনভয়ৰ চাৰিখনকৈ বাহন দুৰ্ঘটনাত পতিত হোৱাৰ পাছতেই সংঘটিত হয় এই হতাহতি তথা খণ্ডযুদ্ধ(Minister Sanjoy Kishan convoy crashed in Nalbari) ৷ এই খণ্ডযুদ্ধই অৱশেষত আহি পায়হি নলবাৰী সদৰ থানা ।
ৰাজপথত মন্ত্ৰীৰ দেহৰক্ষী আৰু আৰক্ষী জোৱানৰ মাজত খণ্ডযুদ্ধ জানিব পৰা অনুসৰি, নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে মন্ত্ৰী সঞ্জয় কিষাণৰ কনভয়ৰ গাড়ীয়ে এখন ৱেগনআৰ গাড়ীক বচাবলৈ গৈ চাৰিখনকৈ কনভয়ৰ গাড়ী দূৰ্ঘটনাত পতিত হয় । ইয়াৰ পাছতেই ৱেগনআৰত চিভিল ড্ৰেছত থকা দুজন ব্যক্তিয়ে নিজকে আৰক্ষীৰ জোৱান বুলি পৰিচয় দি মন্ত্ৰী সঞ্জয় কিষাণৰ নিৰাপত্তাৰ দায়িত্বত থকা দেহৰক্ষীসকলক দুৰ্ব্যৱহাৰ কৰে(Minister Sanjoy Kishans bodyguard) ।
আৰক্ষীৰ জোৱান বুলি পৰিচয় দিয়া বিষয়া দুজনৰ এজন জোৱানে আনকি নিজকে আইজিপিৰ PA বুলি চিনাকি দি ৰাজপথতে নানান অশ্লীল গালি গালাজ কৰে মন্ত্ৰীজনৰ দেহৰক্ষীসকলক ৷ তেওঁ আনকি দেহৰক্ষীকেইজনৰ লগত খণ্ডযুদ্ধতো লিপ্ত হোৱাৰ অভিযোগ উঠিছে । এই খণ্ডযুদ্ধই ইমানে ভয়ংকৰ ৰূপ লয় যে ৱেগনআৰত থকা দুই আৰক্ষী জোৱানে মন্ত্ৰী সঞ্জয় কিষাণৰ দেহৰক্ষীৰ পোছাক-বেজ চিঙি পেলোৱাৰ লগতে PILOT গাড়ীৰ চাবি পৰ্যন্ত কাঢ়ি লৈছিল ৷
এই খণ্ডযুদ্ধই চূড়ান্ত ৰূপ লোৱাত অবশেষত বিষয়টো আহি পায়হি নলবাৰী সদৰ থানা(Nalbari Police Station) । ইতিমধ্যে নলবাৰীত সংঘটিত উক্ত ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ জিলাখনত । নলবাৰীত ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী জোৱানৰ গুণ্ডাগিৰীক লৈ বৰ্তমান সৰ্বত্ৰ চলিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
লগতে পঢ়ক :Gandhi Fagla Released: উন্মোচনৰ পূৰ্বেই বহুচৰ্চিত ‘গান্ধী ফাগ্লা’ এতিয়াৰে পৰা পাঠকৰ হাতত