নলবাৰী, 21 আগষ্ট : "মনোৰঞ্জন তালুকদাৰ কমিউনিষ্ট মানুহ ৷ কমিউনিষ্ট মানুহে ভৱিষ্যতবাণী নকৰে ৷ মনোৰঞ্জন তালুকদাৰ কমিউনিষ্ট আদৰ্শৰ পৰা বিচ্যুত হৈছে ৷" সৰভোগৰ বিধায়ক তথা চি পি আই এমৰ নেতা মনোৰঞ্জন তালুকদাৰক এনেদৰে কটাক্ষ কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ নলবাৰীত অনুষ্ঠিত হোৱা বিজেপিৰ পশ্চিম অসম মণ্ডলৰ মাণ্ডলিক কৰ্মশালাত অংশ গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে বিধায়ক মনোৰঞ্জন তালুকদাৰক উদ্দেশ্যি এইদৰে মন্তব্য কৰে ৷
মন্ত্ৰীগৰাকীয়ে কয় যে, ভৱানীপুৰ-সৰভোগ সমষ্টিত চিপিআইএমৰ কোনো গণভিত্তি নাই ৷ আগন্তুক 2026 ৰ বিধানসভা নিৰ্বাচনত সমষ্টিটোত বিজেপিৰ যিকোনো প্ৰাৰ্থীয়েই জয় লাভ কৰিব ৷ আনহাতে মন্ত্ৰীগৰাকীয়ে বিজেপি দলত চলি থকা ন-পুৰণি বিতৰ্ক সন্দৰ্ভত কয় যে, বিজেপিত ন-বিজেপি, পুৰণা বিজেপি বুলি কোনো কথা নাই ৷ এয়া সম্পূৰ্ণ কংগ্ৰেছ আৰু সংবাদ মাধ্যমৰহে সৃষ্টি বুলি মন্তব্য কৰি সকলোৱেই বিজেপি দলৰ কাৰ্যকৰ্তা বুলি প্ৰকাশ কৰে ৷ অৱশ্যে তেওঁ জ্যেষ্ঠ নেতাৰ ক্ষোভ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ৷ এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ক’ব বুলি কয় মন্ত্ৰীজনে ৷