নলবাৰী, ৫ ডিচেম্বৰ : নলবাৰীৰ টিহুত দেওবাৰে এটা বৃহৎ ধান কল মুকলি কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ টিহু বজালী কৃষি বিকাশ আৰু উৎপাদক গোটৰ অধীনত নলবাৰীৰ টিহুত মুকলি কৰা হয় বৃহৎ ধান কলটো (Rice Mill at Tihu) ৷
উদ্যোগটোৰ ফিটা কাটি উদ্বোধন কৰিলে স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে(Minister Ranjeet Kumar Dass)৷ ৬৫০ গৰাকী কৃষকৰ অংশীদাৰ থকা এই উদ্যোগত প্ৰতি ঘন্টাত দুই টন চাউল উৎপাদন কৰা হ’ ব৷ অঞ্চলটোৰ কৃষকৰ ধান ক্ৰয় কৰি ৰখা হ’ব নিজা গুদামত । ‘অসম জহা’ নামৰ ব্ৰেণ্ডত উৎপাদন হ’ব থলুৱা কৃষকৰ জৈৱিক চাউল ।
আনহাতে টিহুৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী, মাখিবাহা আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক অন্য ঠাইলৈ বদলি কৰাত ক্ষোভ প্ৰকাশ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । মন্ত্ৰীগৰাকীয়ে কয় যে নলবাৰীৰ চৰকাৰী কাৰ্যালয়ৰ বিষয়াসকলে বিভিন্ন আঁচনিৰ অন্তৰ্গত সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত টিহু অঞ্চলটোক অৱহেলা কৰি আহিছে ৷