নলবাৰী, ২০ আগষ্ট : নলবাৰীত বানত ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য প্ৰদানৰ লগতে অৰুণোদয় মাহৰ আজি শুভৰাম্ভণি কৰে মন্ত্ৰী নন্দিতা গাৰ্লোচাই (Minister Nandita Garlosa distributed Flood releif in Nalbari) । বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ উদ্দেশ্য সাহায্য বিতৰণ আৰু অৰুণোদয় মাহৰ আজি নলবাৰী নাট্য মন্দিৰত শুভাৰম্ভণি কৰে অসম চৰকাৰ শক্তি, সমবায় আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই (Arunodaya month opening by minister Nandita Garlosa in Nalbari) ৷
নলবাৰী জিলা উপায়ুক্ত গীতিমণি ফুকনৰ উপস্থিতত আজি উক্ত সাহায্য বিতৰণ কৰে মন্ত্ৰী নন্দিতা গাৰ্লোচাই (Arunodaya month celebrated in Assam) ৷ উল্লেখযোগ্য যে নলবাৰীত ২০২২ চনৰ বানত ৫ লাখ লোক ক্ষতিগ্ৰস্ত হয় আৰু ছয়জন লোকৰ মৃত্যু হয় (5 lakh people affected in 2022 floods in Nalbari) ৷ ইতিমধ্যে প্ৰতিটো পৰিয়ালক ৪ লাখকৈ টকা চৰকাৰৰ পৰা আদায় দিয়া হৈছে বুলি জিলা উপায়ুক্তই জানিবলৈ দিয়ে ৷
আনহাতে, বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ ১০১৫৩ জন লোকক ৩ কোটিৰো অধিক ধন আদায় দিয়াৰ লগতে ৩ হাজাৰ ছাত্ৰ-ছাত্ৰীক ১০০০ টকাকৈ কিতাপ-পত্ৰ বিনষ্ট হোৱা লোকক সাহায্য প্ৰদান কৰাৰ কথা জিলা উপায়ুক্তই উল্লেখ কৰে ৷ ইয়াৰ উপৰি ১০৫৩৯ জন লোকক ৪ কোটিৰো অধিক সাহায্য প্ৰদান কৰাৰ কথা উল্লেখ কৰি ইয়াৰে সাতগৰাকী লোকক আজি সাহায্য হিচাপে ৯৫১০০ টকাকৈ প্ৰদান কৰে জিলাখনৰ মাইকন দাস,ভৈৰৱ বৰ্মন, ৰীতা ডেকা,অঞ্জলি বৰ্মন, প্ৰদীপ বৰ্মন, তমিজউদ্দিন আহমেদ আৰু বুলু হালৈক ৷