নলবাৰী, 14 ডিচেম্বৰ: বিশ্বৰ সৰ্ববৃহৎ আঁচনি হিচাপে বিবেচিত হ’ব অৰুণোদয় আঁচনি( Assam orunodoi scheme) ৷ নলবাৰীত সংবাদমেল যোগে ঘোষণা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ(Jayanta Malla Baruah) ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma) বুধবাৰে দিল্লীৰ পৰা ভাৰ্চুৱেলী শুভাৰম্ভ কৰে অৰুণোদয় 2.0 ৷
অৰুণোদয় আঁচনিৰ নামত চাৰি হাজাৰ কোটিতকৈও অধিক টকা ধাৰ্য কৰা হৈছে বুলি মন্তব্য মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ৷ ২৭ লাখ মহিলাক প্ৰথম পৰ্যায়ত আৰু ৩৫ লাখ মহিলাক দ্বিতীয় পৰ্যায়ত এই আঁচনিত অন্তৰ্ভুক্ত কৰা হ’ব বুলি সংবাদমাধ্যৰ আগত মন্তব্য মন্ত্ৰীগৰাকীৰ(Assam Orunodoi Beneficiary) । বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাচনি প্ৰক্ৰিয়া ৷
মহিলা সকলৰ লগতে এইবাৰ ৰূপান্তৰকাৰী মহিলা(Transgender women) সকলেও লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন । দুচকীয়া বাহনৰ লগতে ঘৰত ফ্ৰীজ থকা আৰু বছৰি দুই লাখ টকাতকৈ কম উপাৰ্জন কৰা মহিলা সকলেও এইবাৰ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন ৷ সংবাদমাধ্যমৰ আগত এই কথা সদৰি কৰে মন্ত্ৰীগৰাকীয়ে ৷