অসম

assam

Minister Jayanta Malla Baruah: এআইইউডিএফৰ ভোটেৰে সাংসদ হোৱা অজিত ভূঞাৰ সমুজ্জ্বল ভট্টাচাৰ্যক সমালোচনা কৰাৰ অধিকাৰ নাই; জয়ন্ত মল্ল বৰুৱা

By

Published : Jul 17, 2023, 12:40 PM IST

ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সাগৰ কুছি, খাটিকুছি, পশ্চিম বনভাগ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামঘৰ প্ৰাংগনত বড়িগোগ বনভাগ মণ্ডলৰ এখন টিফিন বৈঠক অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই টিফিন গ্ৰহণ কৰাৰ লগতে কৰ্মীসকলৰ লগত তেওঁলোকৰ সমস্যা সন্দৰ্ভত আলোচনাত মিলিত হয় ৷

Jayanta Malla Baruah Slams MP Ajit Kumar Bhuyan
টিফিন বৈঠকত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

সাংসদ অজিত কুমাৰ ভূঞাক সমালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

নলবাৰী, 17 জুলাই:যিজন মানুহে এ আই ইউ ডি এফৰ ভোটেৰে ৰাজ্যসভাৰ সাংসদ হৈছে তেওঁ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক সমালোচনা কৰাৰ অধিকাৰ নাই ৷ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য জাতি প্ৰেম আৰু তেওঁ জাতিটোৰ বাবে কৰি অহা কাম সকলোৱে দেখি আহিছে ৷ লগতে অজিত কুমাৰ ভূঞাই জাতিটোৰ বাবে কি কৰি আহিছে সকলোৱে দেখি আহিছে ৷ পূৰ্বতে কি কৰিছিল দেখিছিল; এতিয়া শেহতীয়াকৈ ক্ষমতাৰ খঁকত এ আই ইউ ডি এফৰ ভোটেৰে ৰাজ্যসভাৰ সাংসদ হৈছে ৷ তেনেকুৱা এজন ব্যক্তিয়ে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক সমালোচনা কৰাৰ অধিকাৰ নাই ৷ সাংসদ অজিত কুমাৰ ভূঞাক কটাক্ষ কৰি নলবাৰীত এইদৰে মন্তব্য কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷ দেওবাৰে এখন টিফিন বৈঠকত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে মন্ত্ৰীজনে ৷

মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে, এই সময়ত সদৌ অসম ছাত্ৰ সন্থাই অত্যন্ত সঠিক সিদ্ধান্ত লৈছে ৷ কাৰণ বৰ্তমান অসমৰ পৰিৱেশ-পৰিস্থিতি সকলোৱে বুজি পায় ৷ অসমীয়া জাতি তথা খিলঞ্জীয়া লোক কেনেদৰে ৰক্ষা হ’ব লাগিব এই কথাবিলাক সদৌ অসম ছাত্ৰ সন্থাই অতীজৰে পৰা অনুভৱ কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে ৷

ইফালে তিনি গগৈ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত মন্ত্ৰীজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, মই 2জি, 3জি, 5জি এইবিলাক নেটৱৰ্কত দেখা পাওঁ ৷ মই অসমত বেলেগ কোনো 3জি দেখা নাই বুলি কয় মন্ত্ৰীজনে ৷ তিনি গগৈৰ অজাপ নেতা লুৰীণজ্যোতি গগৈ সন্দৰ্ভত একপ্ৰকাৰ গগৈক চিনি নোপোৱাৰ দৰে আচৰণ কৰি তাচ্ছিল্য কৰে মন্ত্ৰীজনে ৷ লুৰীণজ্যোতি গগৈ সন্দৰ্ভত দুটাকৈ সমষ্টিৰ পৰা নিৰ্বাচন খেলি পৰাজিত হোৱা সেইজন লুৰীণজ্যোতি গগৈ বুলি কটাক্ষ কৰে ৷ লগতে সাংসদ গৌৰৱ গগৈ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে, তেখেতৰ পিতৃ মুখ্যমন্ত্ৰী নোহোৱা হেতেন আমিয়েই পঞ্চায়তৰ টিকতো নিদিলো হেতেন ৷ তেখেতৰ পিতৃ মুখ্যমন্ত্ৰী হোৱাৰ বাবেই কিবাকৈ আহি সাংসদ হ’ল বুলি গৌৰৱ গগৈক কটাক্ষ কৰে মন্ত্ৰীজনে ৷

ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ সন্দৰ্ভত মন্ত্ৰী বৰুৱাই কয় যে, অখিল গগৈৰ যিটো ব্যৱস্থা সেইটো সকলোৱে দেখিয়েই আছে ৷ কেৱল বাম পন্থাত বিশ্বাস কৰা মানুহে কেতিয়াও ৰাষ্ট্ৰ নিৰ্মাণ কৰিব নোৱাৰে ৷ কেৱল সন্ত্ৰাস বিয়পাব পাৰে ৷ তেওঁ লগতে কয় কেৱল উশৃংখল পৰিৱেশ সৃষ্টি কৰিব পৰা অখিল গগৈ, এজন পি তৃৰ নামেৰে সাংসদ হোৱা গৌৰৱ গগৈ আৰু আনজন হ’ল দুটাকৈ সমষ্টিত নিৰ্বাচন খেলি হৰা লুৰীণজ্যোতি গগৈ ৷

উল্লেখযোগ্য যে, সোমবাৰে ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সাগৰ কুছি, খাটিকুছি, পশ্চিম বনভাগ শ্ৰীমন্ত শংকৰ দেৱ সংঘৰ নামঘৰ প্ৰাংগনত বড়িগোগ বনভাগ মণ্ডলৰ এখন টিফিন বৈঠক অনুস্থিত হয় ৷ এই অনুস্থানত বড়িগোগ বনভাগ মণ্ডলৰ অন্তৰ্গত বিভিন্ন বুথৰ শতাধিক কৰ্মীৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই টিফিন গ্ৰহণ কৰাৰ লগতে কৰ্মীসকলৰ লগত তেওলোকৰ সমস্যা সন্দৰ্ভত আলোচনাত মিলিত হয় ৷ মন্ত্ৰী গৰাকীয়ে কৰ্মী সকলৰ সমস্যা সমূহ অতি সোনকালে সমাধান কৰাৰ আশ্বাস দিয়ে ৷ এই বৈঠকতে মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগতে এনেদৰে কেইবাটাও গুৰুত্বপুৰ্ণ মন্তব্য কৰে ৷

লগতে পঢ়ক :EM Arup Kumar Dey Reaction: ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীক কটাক্ষ বিজেপি নেতা অৰূপ কুমাৰ দে’ৰ

ABOUT THE AUTHOR

...view details