অসম

assam

ETV Bharat / state

Ministers Sudden Visit: নলবাৰী অসামৰিক চিকিৎসালয়ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু অজন্তা নেওগৰ চাডেন ভিজিট - মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু অজন্তা নেওগৰ ভিজিট

নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে অভিভাৱক মন্ত্ৰী অজন্তা নেওগে সোমবাৰে চাডেন ভিজিট দিয়ে ৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Minister Jayanta Malla Baruah)জিলা উপায়ুক্তৰ লগতে অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ (Minister Ajanta Neog)সম্মুখতে নলবাৰীৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালককে ধৰি হাস্পতালৰ একাংশ কৰ্মচাৰীক কেমেৰাৰ সম্মুখতে দিলে ধমক ৷

Minister Jayanta Malla Baruah and Ajanta Neog Sudden Visit at Nalbari Civil Hospital
Ministers Sudden Visit: নলবাৰী অসামৰিক চিকিৎসালয়ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু অজন্তা নেওগৰ চাডেন ভিজিট

By

Published : Dec 5, 2022, 10:36 PM IST

নলবাৰী, ৫ ডিচেম্বৰ: বিভিন্ন অভিযোগেৰে জৰ্জৰিত নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় (Sudden Visit at Nalbari Civil Hospital) । নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে অভিভাৱক মন্ত্ৰী অজন্তা নেওগে সোমবাৰে চাডেন ভিজিট দিয়ে ৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Minister Jayanta Malla Baruah)জিলা উপায়ুক্তৰ লগতে অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ (Minister Ajanta Neog)সম্মুখতে নলবাৰীৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালককে ধৰি হাস্পতালৰ একাংশ কৰ্মচাৰীক কেমেৰাৰ সম্মুখতে দিলে ধমক ৷

ৰোগী তথা আত্মীয়ই কেতিয়াবা যদি স্বাস্থ্য কৰ্মীৰ কোনো গুৰুত্ব নাপায়, কেতিয়াবা আকৌ নাপায় পৰ্যাপ্ত সাধাৰণ ঔষধো (Ministers Sudden Visit at Nalbari Civil Hospital)৷ সোমবাৰে হঠাৎ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ চাডেন ভিজিটত বহুকেইটা গুৰুত্বৰ অভিযোগ সচা প্ৰতিফলিত হয় । প্ৰায় এমাহ ধৰি বিকল হৈ আছে হাস্পতালখনৰ X-Ray মেচিন । যাৰ বাবে ৰোগীয়ে অতিৰিক্ত ধন খৰচ কৰি ব্যক্তিগত ক্লিনিকত X-Ray কৰিব লগীয়া হৈ আছে । এমাহ ধৰি বিকল হৈ থকা মেচিন আজিলৈ মেৰামতি নোহোৱাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ক্ষোভ প্ৰকাশ কৰে যুটীয়া স্বাস্থ্য সঞ্চালকলয়গৰাকীক ।

আনহাতে হাস্পতালখনৰ কৰ্মচাৰীসকলে কৰ্ম ফাকিৰ অভোযোগকো গুৰুত্ব সহকাৰে লয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । যুটীয়া সঞ্চালক গৰাকীক তাৎক্ষণিকভাৱে তেনে কৰ্ম ফাকি দিয়া কৰ্মচাৰীৰ বিৰু গোচৰ ৰুজু কৰিবলৈ আহ্বান জনায় । তাৰ পিছত সেইসকল কৰ্মচাৰীৰ বিৰুদ্ধে যিকোনো ব্যৱস্থা ল’বলৈ সাজু বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

উল্লেখযোগ্য যে হাস্পতালখনৰ বিৰুদ্ধে বিভিন্ন সময়ত প্ৰাথমিক চিকিৎসাৰ ক্ষেত্ৰতো ৰোগী আত্মীয়ৰ বহু গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত হৈ আহিছে ৷ বিগত কিছুমাহ পূৰ্বৰ চাডেন ভিজিটতত হস্পিতাল কৰ্তৃপক্ষই সাধাৰণ ৰোগীকো গুৱাহাটী কিম্বা অন্য চিকিৎসালয়লৈ পঠিওৱাক লৈ ধমক দি গৈছিল মন্ত্ৰীগৰাকীয়ে । হাস্পতালখনৰ যি সমূহ অভাৱ বৰ্তমানো স্থায়ী হৈ আছে সেইবোৰ অনতি পলমে দূৰ কৰা হ’ব বুলি ব্যক্ত কৰে । আনহাতে বেয়া হৈ থকা X-Ray মেচিনটোৰ ঠাইত ষাঠিকুছি চিকিৎসালয়ৰ X-Ray মেচিনটো শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ অনা হ’ব বুলি আশ্বাস দিয়ে আৰু আজিৰে পৰা ৰোগী আত্মীয়ই X-Ray ৰ সেৱা লাভ কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে৷

Ministers Sudden Visit: নলবাৰী অসামৰিক চিকিৎসালয়ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা অজন্তা নেওগৰ চাডেন ভিজিট

ইফালে চিকিৎসালয়ৰ ভিতৰচৰাত তামোল, গুটখাৰ আদিৰ পিকেৰে লেতেৰা হৈ থকাত হাস্পতালৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক অধিক কঠোৰ হ’বলৈ নিৰ্দেশ দিয়ে ৷ যাতে হাস্পতালখনত অহা কোনো লোকে গুটখা, ধপাত যুক্ত সামগ্ৰী লৈ চিকিৎসালয়ৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে যুটীয়া স্বাস্থ্য সঞ্চালাকালয় গৰাকীক নিৰ্দেশ দিয়ে ।

হাস্পতালখনৰ শৌচালয়কে ধৰি বিভিন্ন স্থানত লেতেৰা পৰিৱেশ, পান তামোলৰ পিক পৰি থকাৰ বিষয়ে বিভিন্ন সংবাদ মহলত বাতৰি পৰিৱেশন হৈছিল । তাৰ পিছতেই আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মন্ত্ৰী অজন্তা নেওগে হাস্পতালখন পৰিদৰ্শন কৰি বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে আসোঁৱাহসমূহ দূৰ কৰিবলৈ নিৰ্দেশ দিয়ে ৷

লগতে পঢ়ক:DU Ragging incident : ৰাহুল ছেত্ৰীক 5 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ABOUT THE AUTHOR

...view details