অসম

assam

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 8:34 PM IST

ETV Bharat / state

Minister Jayanta Malla Baruah: এইবাৰ ৰাজ্যত বাংলাদেশী বিচাৰি পাইছে জয়ন্ত মল্ল বৰুৱাই !

নলবাৰী তাৰকাগৃহ চৌহদত স্থাপন কৰা হ'ল গ্ৰাম্য বিপণন ক্ষেত্ৰ ৷ মুকলি কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৷ অমৃত কলহ যাত্ৰাক সমালোচনা কৰা সকলক ওভতি ধৰিলে মন্ত্ৰী বৰুৱাই ৷

Minister Jayanta Malla Baruah
অমৃত কলহ যাত্ৰাক সমালোচনা কৰা সকলক বাংলাদেশী আখ্যা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

এইবাৰ ৰাজ্যত বাংলাদেশী বিচাৰি পাইছে জয়ন্ত মল্ল বৰুৱাই

নলবাৰী, 2 অক্টোবৰ:সোমবাৰে নলবাৰীৰ সৰিয়হস্থলীত নলবাৰী তাৰকাগৃহ চৌহদত স্থাপন কৰা হ'ল গ্ৰাম্য বিপণন ক্ষেত্ৰ । গ্ৰাম্য বিপণনৰ লগতে মুকলি কৰা হ'ল থলুৱা খাদ্য সম্ভাৰেৰে পৰিপূৰ্ণ এখনি কেন্টিন । মুকলি কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, নলবাৰীৰ উদ্যোগত মুকলি হোৱা বিপণন ক্ষেত্ৰখনত উপলব্ধ হ'ব বিভিন্ন মহিলা আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত ভিন্ন সামগ্ৰী ৷ আনহাতে, কেন্টিনত উপলব্ধ হ'ব মহিলা আত্মসহায়ক গোটসমূহে তৈয়াৰ কৰা ভিন্ন থলুৱা খাদ্য সম্ভাৰ ।

সোমবাৰে কেন্টিন মুকলি কৰি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয়, ‘‘অমৃত কলহ যাত্ৰাক সমালোচনা কৰা সকল ৰাষ্ট্ৰদোহী, জাতিদ্ৰোহী । তেওঁ‌লোক বাংলাদেশী প্ৰেমী । শিক্ষাৰ্থীসকলৰ জাতিপ্ৰেম থাকিব নালাগে নেকি !’’ এই প্ৰশ্ন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ । এই অমৃত কলহৰ যাত্ৰাত শিক্ষাৰ্থীক জড়িত কৰোৱাক লৈ হোৱা সমালোচনাৰ প্ৰত্যুত্তৰ দিয়ে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ।

ইফালে চান্দকুছিত থকা নলবাৰী পলিটেকনিকত মুকলি কৰা হ'ল আত্মসহায়ক গোটৰ মহিলাৰ বাবে 5 ড্ৰোণ প্ৰযুক্তিবিদ্যাৰ প্ৰশিক্ষণ কেন্দ্ৰ । দেশৰ ভিতৰতেই প্ৰথম প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি কৰে মন্ত্ৰীগৰাকীয়ে । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত তথা ভাৰতীয় ড্ৰোণ একাডেমীৰ সহযোগত আজিৰে আৰম্ভ হ'ব লগা প্ৰশিক্ষণ ছয় দিন ধৰি চলিব ।

জিলাখনৰ ভিন্ন আত্মসহায়ক গোটৰ 40 গৰাকীকৈ মহিলাই গ্ৰহণ কৰিব ড্ৰোণ প্ৰযুক্তিবিদ্যাৰ প্ৰশিক্ষণ । প্ৰশিক্ষণ কেন্দ্ৰ মুকলি অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে ভাৰতীয় ড্ৰোণ একাডেমীৰ মুখ্য কাৰ্যবাহী বিষয়া, জিলা আয়ুক্ত বৰ্ণালী ডেকা, গ্ৰামীণ জীৱিকা অভিযানৰ মিছন সঞ্চালক কৃষ্ণা বৰুৱা, জিলা গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰকল্প প্ৰৱন্ধক চন্দন তালুকদাৰ ।

লগতে পঢ়ক:AASU annual conference : অসমত আছুৱে আৰম্ভ কৰিব অৰ্থনৈতিক বিপ্লৱ

ABOUT THE AUTHOR

...view details