নলবাৰী, ১৭ জুন: নলবাৰীত বান পৰিস্থিতিৰ বুজ ললে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Minister Chandra Mohan Patowary Visited In Dharmpur Flood effected Area) । পৰিদৰ্শন কৰিলে বান শিবিৰ । ৰাজ্যৰ চৌদিশে ৰাইজৰ হাহাকাৰ । বানত ককবকাইছে জনতাই । ঠায়ে ঠায়ে নদীৰ মথাউৰি ছিগি বাঢ়নী পানীয়ে বুৰাই পেলাইছে কৃষিভূমিৰ লগতে বিস্তীৰ্ণ অঞ্চল ।
নলবাৰীৰ ভিন্ন প্ৰান্তৰ লগতে পশ্চিম নলবাৰীতো অব্যাহত আছে বানৰ তাণ্ডৱ । অঞ্চলটোৰ কেবাঠাইতো মথাউৰি ছিগি প্লাৱিত হৈছে বিস্তীৰ্ণ অঞ্চল ।ওখ ঠাই, বিদ্যালয়গৃহত ৰাইজে লৈছে আশ্ৰয় । এই দূৰ্দশাৰ সময়ত ৰাইজৰ কাষত থিয় দিলে বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ।