অসম

assam

ETV Bharat / state

6 লাখ কৃষকক দিয়া হ'ব 2500 টকাঃ কৃষি মন্ত্ৰী অতুল বৰা - পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

নলবাৰীত উপায়ুক্তৰ কাৰ্যালয়ত কৃষি মন্ত্ৰী আৰু পৰিবহন মন্ত্ৰীয়ে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ গ্ৰহণ কৰে ৷ জিলাখনৰ উপায়ুক্তকে ধৰি উচ্চপদস্থ বিষয়া সকলৰ লগত বৰ্তমান পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰে মন্ত্ৰী দুজনে ৷

ETV BHARAT
6 লাখ কৃষকক দিয়া হ'ব 2500 টকাঃ কৃষি মন্ত্ৰী অতুল বৰা

By

Published : Apr 21, 2020, 6:43 PM IST

নলবাৰী, 21 এপ্ৰিলঃ নলবাৰীত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু অতুল বৰাৰ সংবাদমেল। পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে জিলাখনৰ উচ্চপদস্থ বিষয়া সকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ সভাত অংশ গ্ৰহণ কৰে মন্ত্ৰী দুজনে ৷

6 লাখ কৃষকক দিয়া হ'ব 2500 টকাঃ কৃষি মন্ত্ৰী অতুল বৰা

নলবাৰীত উপায়ুক্তৰ কাৰ্যালয়ত এক বৈঠকত অন্তত এক সংবাদ মেল সম্বোধন কৰে কৃষি মন্ত্ৰী অতুল বৰাই। এই সংবাদ মেলতে ৰাজ্যত 34 টা কল্ড ষ্ট'ৰেজ থকা বুলি কোৱাৰ উপৰি কৃষক সকলক সকাহ দিবলৈ প্ৰধান মন্ত্ৰীৰ কিষাণ যোজনাৰ জৰিয়তে দুই হাজাৰ টকা আৰু মুখ্যমন্ত্ৰীৰ কৃষি সা-সজুলি আঁচনিৰ জৰিয়তে 2500 টকা কৃষকৰ বেংক একাউন্টত সোমাই দিয়া হৈছে বুলিও ঘোষণা কৰে । আনহাতে,কৃষকক বিনামুলীয়াকৈ কিছু বীজৰ যোগান ধৰিব বুলিও ব্যক্ত কৰে । আনহাতে,অৰ্থনীতি হ্ৰাস নহ'বলৈ ৰাজ্যৰ কৃষি ক্ষেত্ৰত ৰাজ্য চৰকাৰে অধিক গুৰুত্ব দিয়া বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই ৷ তাৰোপৰি কৃষক সকলক ট্ৰেক্টৰ, কৃষি ঋণ,পানী মেচিনকে ধৰি বিভিন্ন সুবিধা পোৱাৰ বাবে উপায়ুক্তৰ লগতে বেংক কৰ্তৃপক্ষক সোনকালে পোৱাৰ বাবে সুবিধা কৰি দিবলৈ আহ্বান জনাই অতুল বৰাই ৷ তাৰোপৰি সকলো ৰাইজক লক ডাউন মানি চলিবলৈ আহ্বান জনাই মন্ত্ৰী অতুল বৰাই ৷ কৰ'ণা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সাংবাদিকৰ আগত সদৰি কৰে ৷

6 লাখ কৃষকক দিয়া হ'ব 2500 টকাঃ কৃষি মন্ত্ৰী অতুল বৰা

আনহাতে,বৈঠকৰ অন্তত পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়েও এক সংবাদ মাধ্যমক সম্বোধন কৰে । সাংবাদিকৰ আগত মন্ত্ৰীজনে কয় যে,জিলাখনত 1186 গৰাকী লোকক হোম কোৱাৰেন্টাইনকৰা হৈছিল আৰু আটাইকেইগৰাকী লোকেই সুস্থ হৈ আছে ৷ লগতে নলবাৰী জিলাৰ 140 গৰাকী লোক গুৱাহাটী সৰুসজাইত চিকিৎসাধীন আছে বুলি জানিব দিয়ে । একেদৰে 22 মাৰ্চৰ পৰা বৰ্তমানলৈ 280 খন ৰে'ল গাড়ীৰে বিভিন্ন ঠাইৰ পৰা খাদ্য সামগ্ৰী অসমলৈ অনা হৈছে তাৰোপৰি ৰাজ্যত যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে চৰকাৰে সকলো ব্যৱস্থা কৰিব বুলি সদৰি কৰে মন্ত্ৰী পাটোৱাৰীয়ে ৷ লগতে মূল্য বৃদ্ধি সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে, ব্যৱসায়ী সকলক এই দুৰ্যোগৰ সময়ত অধিক দাম নল'বলৈ বিনম্ৰভাৱে অনুৰোধ জনায় ।

লগতে পঢ়ক- বাৰাংহাটী ফাৰ্মাচিষ্ট চাদেক আলীক আক্ৰমণ দুৰ্বৃত্তৰ

ABOUT THE AUTHOR

...view details