নলবাৰী, 4 ডিচেম্বৰ :বাঁহৰ গঁৰালত আৱদ্ধ এটি মৰম লগা ৬ বছৰীয়া শিশু (Mentally Challenged a Minor Boy has been Caged) ৷ প্ৰায় তিনি বছৰ বয়সৰ পৰাই বন্দীত্বৰ জীৱন কটাইছে শিশুটিয়ে ৷ নলবাৰীৰ ক্ষুদ্ৰ কুলহাটী গাঁৱৰ শিশুটিৰ নাম সুশান্ত ভূঞা ৷
জানিব পৰা মতে, নলবাৰীৰ এই অবুজ শিশুটো প্ৰায় তিনিবছৰৰ পৰা আক্ৰন্ত হৈছে এটি জটিল ৰোগত ৷ যাৰ বাবে য’তে যি বস্তু পাই তাকে মুখত দিয়ে শিশুটিয়ে ৷ আনকি নিজৰে শৌচ-প্ৰসাৱও মুখত দিয়ে শিশুটিয়ে ৷
এই ছবছয়ীয়া শিশুটিক লৈ উপায়হীন হৈ পৰিছে পিতৃ নিপু ভূঞা ৷ কাৰণ মাতৃৰ মৰম কি নুবুজোতেই সুশান্ত ভূঞা নামৰ শিশুটিক মাত্ৰ তিনিমাহ বয়সতে মাতৃয়ে এৰি থৈ গৈছিল ৷ মাতৃৰ অবিহনে এই শিশুটিক পিতৃ নিপু ভূঞা আৰু আইতাকে তুলি তালি ডাঙৰ দীঘল কৰিছে ৷
সময় বাগৰাৰ লগে লগে শিশুটিৰ দেহত কিছু পৰিৱৰ্তনে দেখা দিয়ে ৷ ফলত মাতৃৰ মৰমৰ পৰা বঞ্চিত এই শিশুটিক লৈ যোৱা হয় চিকিৎসকৰ কাষলৈ ৷ চিকিৎসকে উল্লেখ কৰা অনুসৰি, পুষ্টিহীনতাত ভুগিছে সুশান্ত ৷ যাৰ বাবে সুশান্তৰ শৰীৰত দেখা দিছে কিছু পৰিৱৰ্তনে ৷