নলবাৰী, ৫ অক্টোবৰ:সাংবাদিকৰ ওপৰত ড্ৰাগছ মাফিয়াৰ দলবদ্ধ আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত নলবাৰীৰ চামতাত সাংবাদিকৰ লগতে কেইবাটাও সংগঠনৰ প্ৰতিবাদ। সাংবাদিক অনিমেষ বৰ্মনৰ আক্ৰমণৰ ঘটনাৰে জড়িত অভিযুক্তক কৰায়ত্ত কৰাৰ দাবীত চামতাৰ পশ্চিম নলবাৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ উদ্যোগত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত নলবাৰী জিলা সাংবাদিক সন্থা, সদৌ অসম ছাত্ৰ সন্থা, কৰ্মচাৰী পৰিষদ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পশ্চিম নলবাৰী সমিতিৰ নেতৃবৰ্গই অংশগ্ৰহণ কৰে।
সাংবাদিক অনিমেষ বৰ্মনৰ আক্ৰমণৰ ঘটনাত জড়িত দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা, ড্ৰাগছ মাফিয়াৰ গুণ্ডাগিৰি বন্ধ কৰাৰ দাবীৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে৷ সাংবাদিকৰ জীৱনৰ নিৰাপত্তা আৰু সুৰক্ষা দিয়াৰ বাবে প্ৰশাসনক দাবী জনায় সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে। প্ৰতিবাদী কাৰ্যসূচীত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই কয় যে, এচাম মানুহে এতিয়া আইন হাতত তুলি লৈছে। এনে অমানৱ আৰু সমাজ বিৰোধী দুস্কৃতিয়ে সাংবাদিকক আক্ৰমণ কৰা ঘটনা গণতন্ত্ৰৰ বাবে অশনি সংকেত।