নলবাৰী, 3 নৱেম্বৰ :মঙলবাৰে নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ জাতিধংসী নাগৰিকত্ব আইন আৰু পৰিৱেশ নিৰূপন খচৰা বাতিল কৰাৰ দাবীৰ এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷
CAA আৰু EIA বাতিলৰ দাবীত নলবাৰীত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী ৷ CAA আৰু EIA বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷
CAA আৰু EIA বাতিলৰ দাবীত নলবাৰীত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে নলবাৰীতো যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে চহৰৰ জৈন মন্দিৰ চকত নাগৰিকত্ব আইন আৰু EIA বাতিল কৰি আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ দাবী জনায় । উক্ত কাৰ্যসূচীত পৰিষদৰ কৰ্মীসকলে 'কা' আমি নামানো, 'কা' অতিশীঘ্ৰে বাতিল কৰক, EIA বাতিল কৰক, আদি শ্ল'গানেৰে নলবাৰীৰ চহৰ উত্তাল কৰি তোলে ।
লগতে পঢ়ক :মিঞা সংগ্ৰহালয় স্থাপন: কি ক’লে বিমল বৰাই