নলবাৰী, 3 অক্টোবৰ : নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত শনিবাৰে নলবাৰীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাৰ কাৰ্যালয়ত শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ জনস্বাস্থ্য বিভাগৰ প্ৰায় 2 শতাধিক কৰ্মীয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ হাতে হাতে বিভিন্ন ধৰণৰ বেনাৰ, প্লে'কাৰ্ড লৈ বিভিন্ন ধৰণৰ শ্ল'গানৰে তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি, বিনা বেতনে বিগত 12 বছৰৰ পৰা তেওঁলোকে ৰাইজক পানী যোগান ধৰি আহিছে কিন্তু তেওঁলোকে কোনো ধৰণৰ বেতন লাভ নকৰা বুলি অভিযোগ প্ৰদান কৰিছে ৷ যাৰবাবে তেওঁলোকে শীঘ্ৰে পৰিয়াল সমূহৰ স্বাৰ্থত তেওঁলোকক প্ৰাপ্য মজুৰি প্ৰদান কৰাৰ দাবী জনাইছে ৷