নলবাৰী, 28 মাৰ্চ:চৰকাৰী মাটি বেদখলমুক্ত কৰাৰ বাবে প্ৰশাসনে অব্যাহত ৰাখিছে উচ্ছেদ অভিযান ৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চলতো বেদখলকৃত ভূমিত চলিছে প্ৰশাসনৰ বুলড’জাৰ ৷ বিগত তিনিদিন ধৰি বৰক্ষেত্ৰীৰ চৰত চলাই থকা হৈছে উচ্ছেদ ৷ মঙলবাৰে কুৰিহামাৰী চৰৰ 80 বিঘা ভূমিত বুলড’জাৰ চলাই প্ৰশাসনে উচ্ছেদ কৰিলে 14 টা পৰিয়ালৰ বাসগৃহ (Nalbari eviction drive) ৷
সোমবাৰেও প্ৰশাসনে নোৱাপাৰা চৰত উচ্ছেদ চলাই বেদখলমুক্ত কৰে 200 বিঘা চৰকাৰী ভূমি ৷ চৰকাৰী ভূমি বেদখল কৰা 24 টা পৰিয়ালক উচ্ছেদ কৰে প্ৰশাসনে ৷ উচ্ছেদৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবে মোতায়েন কৰা হয় বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱান ৷ বিগত তিনিদিনত মুঠ 430 বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ লগতে 53 টা পৰিয়ালৰ গৃহ উচ্ছেদ কৰে প্ৰশাসনে (Encroachment in Government land) ৷
বিগত 28 ফেব্ৰুৱাৰীতো নলবাৰী জিলা প্ৰশাসনে 2 নং ভেলামাৰী চৰত উচ্ছেদ চলাই 150 বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰিছিল ৷ ভেলামাৰী চৰৰ 15 টা বাসগৃহ উচ্ছেদ কৰিছিল প্ৰশাসনে ৷ পৰ্যায়ক্ৰমে চৰাঞ্চলৰ সকলো ভূমি বেদখলমুক্ত কৰা হ’ব সদৰী কৰিছে নলবাৰী জিলা প্ৰশাসনে (Eviction in Nalbari) ৷