নলবাৰী, 14 জুনঃ শুকুৰবাৰে শ্বহীদ নিৰোদ শৰ্মাৰ বাসগৃহত উপস্থিত হয় অসমৰ স্বাস্থ্য,বিত্ত,গড়কাপ্টানী মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা ৷ কাশ্মীৰত শ্বহীদ হোৱা নিৰোদ শৰ্মাৰ দহকাউনীয়াস্থিত বাসগৃহত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ উপস্থিত হৈ শ্বহীদ পৰিয়ালৰ সকলোৰে লগত কথা বতৰা পাতে আৰু অসম চৰকাৰৰ পৰা সকলো সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰে হিমন্ত বিশ্বই ৷
শ্বহীদ নিৰোদ শৰ্মাৰ বাসগৃহত মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা - নিৰোদ শৰ্মা
শ্বহীদৰ নামত নামাংকিত হ’ব কে বি এচ পথৰ পৰা দহকাউনীয়া হৈ টিহু-বৰমা পথলৈ যোৱা তিনি কি. মি.পথ ৷
![শ্বহীদ নিৰোদ শৰ্মাৰ বাসগৃহত মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3562750-677-3562750-1560532958902.jpg)
শ্বহীদ নিৰোদ শৰ্মাৰ বাসগৃহত মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা
শ্বহীদ নিৰোদ শৰ্মাৰ বাসগৃহত মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা
আনহাতে গাঁৱ উন্নয়ন সমিতিয়ে শ্বহীদৰ নামত দহকাউনীয়া গাঁৱখনৰ পথ নামাকৰণ কৰাৰ কথা কোৱাত মন্ত্ৰীজনে কাৰ্যবাহী অভিযন্তাক মতাই আনি শ্বহীদৰ নামত তিনি কি:মি: পথ তিনি মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰী হিমন্তৰ লগত উপস্থিত থাকে নৱ নিৰ্বাচিত সাংসদ দিলীপ শইকীয়া ৷
Last Updated : Jun 14, 2019, 11:21 PM IST