নলবাৰী, 10 ফেব্ৰুৱাৰী:ৰাজ্যত নতুনকৈআঠখন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম ইতিমধ্য়ে প্ৰায় সম্পূৰ্ণ হৈছে ৷ অতি শীঘ্ৰেই এইকেইখন চিকিৎসা মহাবিদ্যালয়ত ৰাইজৰ বাবে চিকিৎসা সেৱা উপলব্ধ হোৱাৰ লগতে আৰম্ভ হ’ব চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম ৷ কিন্তু তাৰ মাজতে ৰাজ্যৰ কেইবাটাও স্থানত স্থপন হোৱা চিকিৎসা মহাবিদ্যায়ক লৈ ৰাইজে অসন্তুষ্টি ব্যক্ত কৰাও পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ বৰপেটা, কোকৰাঝাৰ, নগাঁৱৰ লগতে নলবাৰীতো ইয়াৰ বিৰুদ্ধে ৰাইজ আৰু দল-সংগঠনৰ প্ৰতিবাদ দেখা গৈছে (New Medical colleges in Assam) ৷
শুকুৰবাৰে নলবাৰীৰ বৰ আজাৰাস্থিত বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ ঘৰত আয়োজিত মনসা পূজাত অংশ লৈ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নলবাৰীত নিৰ্মাণ চলি থকা চিকিৎসা মহাবিদ্যালয়খনৰ সন্দৰ্ভত মত প্ৰকাশ কৰে (Health minister in Nalbari) ৷ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে, একে স্থানতে হ’ব নতুন মেডিকেলখন । শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়খন আধুনিক সা-সুবিধা উপলব্ধ কৰি পঞ্চাশখন বিচনাযুক্ত এখন আটকধুনীয়াকৈ সজোৱা হ’ব । লগতে বহিঃবিভাগৰ সুবিধা থাকিব বুলিও মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই (New medical college to be set up in Nalbari)।
উল্লেখ্য যে, নলবাৰীস্থিত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন নৱ নিৰ্মিত নলবাৰী মেডিকেল কলেজৰ লগত সংযুক্ত কৰাক লৈ নলবাৰীত ক্ষোভৰ জুই জ্বলা পৰিলক্ষিত হৈছে । নলবাৰীৰ পৰা শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় উঠাই নিব বিচৰা কাৰ্যক লৈ প্ৰতিবাদমুখৰ হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ নলবাৰী জিলা সমিতি । নলবাৰীৰ ৰাইজৰ স্বাৰ্থক পিঠি দি নলবাৰী চহৰৰ পৰা 14 কিলোমিটাৰ নিলগত স্থাপন কৰা নলবাৰী মেডিকেল কলেজৰ লগত সংযুক্ত কৰা হৈছে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ক । যাক লৈ ক্ষোভিত হৈ পৰিছে ছাত্ৰসন্থাৰ লগতে একাংশ স্থানীয় ৰাইজ ৷ শুকুৰবাৰে জিলাখনত ইয়াকে লৈ প্ৰতিবাদো সাব্যস্ত কৰা হয় (Protest against Nalbari medical college) ৷