নলবাৰী, 29 নৱেম্বৰ :দেওবাৰে নলবাৰী জিলাৰ মাখিবাহাত নৱনিৰ্মিত ৰাজহুৱা পুথিভঁৰালটো উদ্বোধন (Makhibaha Library inauguration)কৰা হয় ৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা(Chief advisor of AASU) ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে কণ্ঠশিল্পী জুবিন গাৰ্গ, গৰিমা গাৰ্গ, IPS বিষয়া পাৰ্থসাৰথি মহন্ত, IPS বিষয়া দিগন্ত বৰাকে ধৰি বহু বিশিষ্ট ব্যক্তি ৷
একেদিনতে মাখিবাহা ৰাজহুৱা পুথিভঁৰালৰ লগতে মাখিবাহা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰো শুভ উদ্বোধন (Makhibaha AASU office inauguration)কৰা হয় ৷ ৰাজহুৱা পুথিভঁৰালটো উদ্বোধন কৰি আছুৰ উপদেষ্টা ভট্টাচাৰ্যই এয়া নৱপ্ৰজন্মৰ বাবে যথেষ্ঠ উৎসাহজনক খবৰ বুলি সদৰী কৰে ৷ অসমত ইতিমধ্যে বহু আন্দোলন হৈছে আৰু প্ৰয়োজনত বহু আন্দোলন হ’ব ৷ কিন্তু পাঠক সমাজৰ লগতে পঢ়ুৱৈসকলক উৎসাহিত কৰা উদ্দেশ্যৰে ৰাজ্যত কিতাপ পঢ়াৰ আন্দোলন গঢ়ি তুলিব লাগিব বুলি ভট্টাচাৰ্যই ব্যক্ত কৰে ৷ তদুপৰি পুথিভঁৰালটোৰ দেৱালত অংকন কৰা ভিন্ন ছবিৰ মাজত নিজৰ ছবিখন দেখি একপ্ৰকাৰ আবেগিক হৈ পৰে আছুৰ মুখ্য উপদেষ্টাগৰাকী ৷
তদুপৰি বৰাকৰ বঙালী নেতা প্ৰদীপ দত্ত ৰয়ৰ সন্দৰ্ভত ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, বৰাকত বাৰম্বাৰ অসমীয়া ভাষাক অপমান কৰা হৈছে ৷ এইটো অক্ষমণীয় অপৰাধ ৷ চৰকাৰৰ দুৰ্বলতা আৰু নিস্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰিছে একাংশই ৷ মুষ্টিমেয় এইচাম লোকক সকীয়নি প্ৰদান কৰাৰ লগতে বৰাকত অসমীয়া ভাষা অক্ষুণ্ণ ৰাখিবলৈ চৰকাৰক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান আছুৰ মুখ্য উপদেষ্টাগৰাকীৰ ৷