নলবাৰী, 7 জুলাই :ৰাজ্যজুৰি শাম কটা নাই বান পৰিস্থিতি (Assam flood 2022) ৷ নলবাৰীৰ বৰভাগত বানৰ কবলত গাঁওবাসী (Flood at Barbhag) ৷ বৃহস্পতিবাৰে বানাক্ৰান্ত লোকৰ দুখ দুৰ্দশাৰ খবৰ লবলৈ উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ (Lurinjyoti Gogoi visited flooded area at Barbhag) ৷ বানাক্ৰান্ত সকলৰ সমস্যাৰ বুজ লোৱাৰ লগতে সভাপতিগৰাকীয়ে অঞ্চলটোৰ লোকসকলৰ হৈ বানপানী সমস্যাৰ স্থায়ী সমাধানৰ বাবে মাত মাতিব বুলি আশ্বাস প্ৰদান কৰে ৷
বৰভাগ সমষ্টিত নিৰ্মাণ হ'বলগীয়া শ্লুইচ গেটখন এতিয়াও হৈ নুঠাৰ কাৰণে বৰভাগ সমষ্টিয়ে বানত দুৰ্ভোগ ভুগিবলগীয়া হৈছে বুলি চৰকাৰক উদ্দেশ্যি প্ৰশ্ন উত্থাপন কৰে লুৰিণজ্যোতি গগৈয়ে ৷ 12 লাখ 12 কোটি টকাৰ প্ৰকল্প কিয় হৈ নুঠিল বুলি কটাক্ষ কৰে সভাপতিগৰাকীয়ে ৷ ইয়াৰোপৰি শ্লুইচ গেটৰ নিৰ্মান কাৰ্যৰ লগত জড়িত সকলোৰে ওপৰত তদন্তৰ দাবী জনায় গগৈয়ে ৷
ইফালে শেহতীয়াকৈ ৰাজ্য চৰকাৰে মুছলমান সম্প্ৰদায়ৰ ৫ জনগোষ্ঠীক খিলঞ্জীয়াৰ স্বীকৃতি দিয়াক লৈ অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয় যে, যি ৫ জনগোষ্ঠীক কেবিনেটে খিলঞ্জীয়াৰ স্বীকৃতি প্ৰদান কৰিছে তেঁওলোক পূৰ্বৰে পৰা অসমৰ খিলঞ্জীয়া মানুহ (Lurinjyoti Gogoi commented on cabinet decision)। শংকৰ আজানৰ সু সম্পৰ্কৰ দিনৰে পৰা এই ৫ জনগোষ্ঠী অসমৰ খিলঞ্জীয়া হয় বুলি সকলোৱে জানে । মুছলমান লোকৰ ভোটৰ কাৰণে বিজেপি চৰকাৰে এই 5 জনগোষ্ঠীক খিলঞ্জীয়া বুলি ঘোষণা কৰে ৷
কেবিনেটৰ এই সিদ্ধান্তই মুছলমান লোক সকলৰ মাজত বিভাজন আনি হিন্দু মুছলমানৰ ৰাজনীতিৰে আকৌ এবাৰ ৰাজনৈতিক বৈতৰণী পাৰ হোৱাৰ লক্ষ্য বুলি কটাক্ষ কৰে লুৰিণজ্যোতি গগৈয়ে ।