নলবাৰী, ৯ জানুৱাৰী: মঙলবাৰে লুৰীণজ্যোতি গগৈৰ উদাত্ত ভাষণত কাঁহ পৰি জীণ গ’ল বিশাল গণজাগৰণ সভা ৷ নলবাৰীত মঙলবাৰে চি পি আই (এম)ৰ বিশাল গণজাগৰণ সমাৱেশত অংশগ্ৰহণ কৰি বিশেষকৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মা, তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে সৰৱ হৈ পৰিল অজাপৰ সভাপতিগৰাকী ।
প্ৰায় পাঁচ সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা গণজাগৰণ সমাৱেশখনত উপস্থিত থাকে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, জ্যেষ্ঠ চি পি আই এম নেতা হেমেন দাস, প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মন, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ লগতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আদি ৷
উক্ত সভাত জ্যেষ্ঠ চি পি আই এম নেতা হেমেন দাসে প্ৰধানমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে ভাষণত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে অসম চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি তেওঁ কয় যে এতিয়া চৰকাৰী চাকৰি পাবলৈ হ’লে মুখ্যমন্ত্ৰীৰ সমষ্টিত জন্ম লাভ কৰিব লাগিব ৷ জালুকবাৰী সমষ্টিত জন্ম হ’লে ৫৫ বছৰ হ’লেও চৰকাৰী চাকৰি পাব বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ৷