নলবাৰী,১২ ফেব্ৰুৱাৰী:২০২৪ ৰ লোকসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে, সিমানে তৎপৰ হৈ উঠিছে ৰাজনৈতিক দলসমূহ । শনিবাৰে নলবাৰীত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ(Lurinjyoti Gogoi In Nalbari) । নলবাৰীত উপস্থিত হৈ অসম জাতীয় পৰিষদকৰ সভাপতিগৰাকীয়ে তীব্ৰ সমালোচনা কৰে শাসকীয় দল বিজেপিক(Lurinjyoti Gogoi slams BJP in Nalbari) । সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত লুৰিণজ্যোতি গগৈয়ে এআইইউডিএফৰ সৈতে বিজেপিৰ গোপন এজেণ্ডা থকা বুলি উল্লেখ কৰে ।
নলবাৰীত উপস্থিত হৈয়েই আজি দুদিনৰ পৰা নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ স্থানান্তকৰণৰ বিৰুদ্ধে দল সংগঠনকে ধৰি অন্যান্য ৰাজনৈতিক দলৰ প্ৰতিবাদৰ সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । লুৰিণজ্যোতি গগৈয়ে কয় যে চৰকাৰে প্ৰতিবাদৰ ভাষা কেতিয়াও নুবুজে । প্ৰতিবাদকাৰীৰ ওপৰত বৰ্বৰ আক্ৰমণৰে দমন কৰিবলৈ চেষ্টা চলাই এইখন চৰকাৰে । লগতে তেওঁ কয় যে কা আন্দোলনৰ সময়তো যি ৫ জন শ্বহীদ হ'ল তেওলোকক আজিলৈ শ্বহীদ ঘোষণা নকৰিলে বিজেপি চৰকাৰে(CAA Protest in Assam) । অসমত একনায়কত্ববাদী শাসন চলিছে । মন্ত্ৰী দপ্তৰবোৰ এনেয়ে ভগাই দি সকলো সিদ্ধান্ত কেৱল এজনেই লয় । সমস্ত সিদ্ধান্তৰ হৰ্তাকৰ্তা কেৱল মুখ্যমন্ত্ৰী জনেই বুলি চৰকাৰখনক তীব্ৰ সমালোচনা কৰে গগৈয়ে ।
চৰকাৰৰ এনে দমনমুলক নীতিৰ বিৰুদ্ধে ৰাইজক এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাই লুৰিণজ্যোতি গগৈয়ে । বিজেপি চৰকাৰে ষড়যন্ত্ৰ কৰি নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন নোহোৱা কৰিবলৈ ওলাইছে বুলি অভিযোগ উত্থাপন কৰে লুৰিণজ্যোতি গগৈয়ে । ইয়াৰ বিৰুদ্ধে ৰাইজক বিচাৰ বিবেচনাৰ বাবে আহ্বান জনায় নেতাগৰাকীয়ে । কা আন্দোলনত কূটকৌশল ৰচনা কৰাসকলক বিজেপিয়ে নেতা সজাইছে বুলি উল্লেখ কৰে গগৈয়ে ।
এয়া সুস্থ গণতন্ত্ৰৰ বাবে কেতিয়াও নীতি নহয় বুলি উল্লেখ কৰি গগৈয়ে কয় যে আন্দোলন কৰিলেই কূটকৌশল ৰচনা কৰে বিজেপিয়ে । অখিল গগৈৰ ওপৰতো কূট কৌশলেৰে নিয়াৰ দ্বাৰা গ্ৰেপ্তাৰ কৰাৰ সিদ্ধান্ত লৈছে বিজেপিয়ে । অখিল গগৈ যদি দোষী কিয় এবাৰ মুকলি কৰি দিছিল বুলি প্ৰশ্ন কৰে লুৰিণজ্যোতি গগৈয়ে । আন্দোলন প্ৰতিবাদ কৰিলে বিভিন্ন অভিসন্ধি জাপি দিয়ে এইখন চৰকাৰে ।