অসম

assam

ETV Bharat / state

বিজেপি নেতা মন্ত্ৰীৰ বিৰুদ্ধে থানাই থানাই গোচৰ ৰুজু কৰিব এজেপিয়ে !

বিজেপিৰ নেতা মন্ত্ৰীৰ বিৰুদ্ধে কোনে তৰিব গোচৰ । কিয় বিজেপি নেতা-মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰাৰ হুংকাৰ । এশ দিনীয়া কাৰ্যকালত কোন তিনি মন্ত্ৰী জড়িত হ’ল কেলেংকাৰীত । উপ নিৰ্বাচনত ঐক্যবদ্ধ হ’বলৈ মন মেলাৰ পিছতো কোনে পোৱা নাই কংগ্ৰেছৰ সঁহাৰি । পঢ়ক এই বিশেষ প্ৰতিবেদন...

By

Published : Aug 22, 2021, 8:57 PM IST

lurinjyoti-gogoi-reactions-against-bjp-government
বিজেপি নেতা মন্ত্ৰীৰ বিৰুদ্ধে থানাই থানাই গোচৰ ৰুজু কৰিব লাগে বুলি কোনে ক’লে !

নলবাৰী, 22 আগষ্ট : বিজেপি নেতা-মন্ত্ৰীৰ বিৰুদ্ধে দেওবাৰে নলবাৰীত সোচ্ছাৰ হ’ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজোতি গগৈ । ৰাজ্যৰ থানাই থানাই বিজেপিৰ নেতা আৰু মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ হুংকাৰ দিলে লুৰীণজোতি গগৈয়ে । দেওবাৰে নলবাৰীৰ বৰভাগত উপস্থিত হৈ এই ঘোষণা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ।

বিজেপি নেতা মন্ত্ৰীৰ বিৰুদ্ধে থানাই থানাই গোচৰ ৰুজু কৰিব লাগে বুলি কোনে ক’লে !

বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক "আশীৰ্বাদ যাত্ৰা" কৰি আদৰণি জনোৱা শাসকীয় বিজেপিৰ বিৰুদ্ধে সোচ্ছাৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ । বিজেপি চৰকাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আদৰাৰ নামত নিজে জাৰি কৰা ক'ভিড বিধি উলংঘা কৰা বুলি চৰকাৰক তীব্ৰ কটাক্ষ কৰি লুৰীণজ্যোতি গগৈৰ । বিজেপি চৰকাৰৰ নেতা-মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে ৰাজ্যৰ থানাই থানাই গোচৰ তৰা হ'ব বুলি ঘোষণা কৰাৰ লগতে বিজেপি চৰকাৰৰ এশ দিনীয়া কাৰ্যকাল সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজোতি গগৈৰ ।

এশ দিনৰ কাৰ্যকালত বিজেপিৰ বিফলতা প্ৰকাশ পোৱা বুলি মন্তব্য কৰে লুৰিণ জ্যোতি গগৈয়ে ৷ তেওঁ কয় যে, নিৰ্বাচনৰ পূৰ্বে কোনো চৰ্ত নৰখাকৈ ৰাজ্যৰ মহিলাক মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাইৰ কথা ঘোষণা কৰা বিজেপিয়ে চৰকাৰ গঠনৰ পিছতে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাইৰ বিষয়ত চৰ্ত আৰোপ কৰি ৰাজ্যৰ দুখীয়া মহিলাক চূড়ান্ত প্ৰবঞ্চনা কৰিছে । শিক্ষাৰ্থীক বিজেপিয় মোবাইল দিম বুলি প্ৰতাৰণা কৰা বুলিও অভিযোগ কৰে লুৰীণজ্যোতি গগৈৰ ।

লগতে পঢ়কঃ চৰকাৰী চাকৰিত জনসংখ্যা নীতি : অৱশেষত জাৰি হ'ল জাননী

ইফালে ৰাজ্যত বিজেপি চৰকাৰৰ দিনত দুৰ্নীতি-কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলি কয় যে, এইখন চৰকাৰৰে দুৰ্নীতিত নিমজ্জিত তিনিজন মন্ত্ৰী সঞ্জয় কিষাণ, চন্দ্ৰমোহন পাটোৱাৰী, অশোক সিংঘালৰ বিৰুদ্ধে চৰকাৰৰ এশ দিনীয়া কাৰ্যকালত কোনো ব্যৱস্থা গ্ৰহণ কৰা ন'হল । অসম আৰক্ষীয়ে অপৰাধীক এনকাউন্টাৰ কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এয়া এক ৰহস্যজনক কাণ্ড বুলি মন্তব্য কৰে ।

বিজেপি চৰকাৰৰ দিনত অপৰাধী পলায়ন কৰা কাৰ্য আৰু এনকাউন্টাৰ কৰা কাৰ্য ৰহস্যজনক বুলি মন্তব্য কৰাৰ লগতে অসমত গ্ৰেপ্তাৰ হোৱা তালিবানৰ সমৰ্থকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে চৰকাৰক দাবী জনায় লুৰীণজোতি গগৈয়ে । দেওবাৰে নলবাৰীৰ বৰভাগত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ নলবাৰী জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত অংশ লৈ দলীয় সভাপতি গৰাকীয়ে সংবাদ মাধ্যমৰ আগত এনেদৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

একেদৰে আগন্তুক উপ নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি লুৰীণজোতি গগৈয়ে কয় যে, ঐক্যবদ্ধভাৱে বিৰোধী দল সমূহে নিৰ্বাচন খেলাটো উচিত । কিন্ত এই সন্দৰ্ভত কংগ্ৰেছ দলৰ পৰা সঁহাৰি লাভ কৰা নাই বুলি মন্তব্য কৰে লুৰিণজোতি গগৈয়ে ।

লগতে পঢ়কঃ অসম চৰকাৰৰ বিজ্ঞাপনত দাক্ষিণাত্যৰ সুৰ : আৰম্ভ হৈছে বিতৰ্ক

ABOUT THE AUTHOR

...view details