নলবাৰী, ২২ অক্টোবৰ:অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ(AJP President Lurinjyoti Gogoi) শুকুৰবাৰে নলবাৰীৰ মুকালমুৱাত উপস্থিত হয় ৷ গগৈয়ে মুকালমুৱাত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষাৰ প্ৰশ্ন কাকত নথকা সন্দৰ্ভত দিয়া ৰায়ক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ তেওঁ লগতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিত মৌখিক পৰীক্ষা অনুষ্ঠিত কৰা আৰু এআইইউডিএফৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে তেওঁক সমৰ্থন কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷
তেওঁ কয় যে, অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্ন কাকত উঠাই দিয়া চৰকাৰৰ সিদ্ধান্তক বাহাল ৰাখি উচ্চ ন্যায়ালয়ে যি ৰায়দান কৰিলে সেয়া আগন্তুক দিনত অসমীয়া ভাষাৰ প্ৰতি, নিবনুৱাৰ প্ৰতি অন্যায় বুলি নিৰূপণ হ’ব । তেওঁ চৰকাৰৰ এই সিদ্ধান্ত হঠকাৰী সিদ্ধান্ত বুলি উল্লেখ কৰি অসমীয়া ভাষাৰ ন্যায্যতা কমোৱাৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কয় ৷ চৰকাৰৰ বহিঃৰাজ্যৰ পৰা লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীক সুযোগ দিয়াৰ বাবেহে এই সিদ্ধান্ত লোৱাৰ কথা সদৰী কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ৷