নলবাৰী,3 জুলাই:প্ৰথমে প্ৰেম, তাৰপিছত প্ৰেমৰ চলনাৰে শাৰিৰীক সম্পৰ্ক স্থাপন, পৰৱৰ্তী সময়ত পলায়ন ভণ্ড প্ৰেমিকৰ ৷ এই ঘটনা সংঘটিত হৈছে নলবাৰীত ৷ উক্ত কাণ্ডত সাঙোৰ খাইছে এগৰাকী প্ৰাক্তন আছু তথা বৰ্তমানৰ অগপ নেতাৰ নাম ৷ প্ৰেমৰ ছলনাৰে শাৰিৰীক সম্পৰ্ক স্থাপন কৰি অন্তঃসত্বা হোৱা প্ৰেমিকাক এৰি পলায়ন কৰা প্ৰেমিকগৰাকী হৈছে জিলাখনৰ ব্ৰাইট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী মৃদুল ডেকা ৷ ভুক্তভোগী যুৱতী গৰাকীয়ে স্থানীয় আৰক্ষী থানাত ৰুজু কৰা এক গোচৰৰ পিছতে সমগ্ৰ কাণ্ড পোহৰলৈ আহে ৷
উল্লেখ্য যে,দুই সন্তানৰ পিতৃ অভিযুক্ত মৃদুলে চৰকাৰী চাকৰিয়াল হোৱাৰ উপৰিও চহৰখনত চলায় নিছিল কেইবাটাও ব্যৱসায় ৷ চহৰখনৰ মাজমজিয়াস্থিত মৃদুলৰ উক্ত প্ৰেছত 2013 চনত কৰ্মত নিয়োজিত হৈছিল এগৰাকী যুৱতী । কিন্তু কামৰ মাজতে চতুৰ ব্যক্তিগৰাকীয়ে কৌশলগতভাৱে যুৱতীগৰাকীক প্ৰেমত পেলাই বিবাহৰ প্ৰতিশ্ৰুতিৰে শাৰিৰীক সম্পৰ্ক স্থাপন কৰে ৷ অভিযোগ অনুসৰি পৰৱৰ্তী সময়ত সাত বছৰীয়া এই প্ৰেমৰ সম্পৰ্কত যুৱতীগৰাকীয়ে পাঁচবাৰকৈ অন্তঃসত্বা হয় যদিও সামাজিক লাঞ্চনাৰ স্বাৰ্থত পিতৃ পৰিচয় গোপনে ৰাখি ভ্ৰূণ হত্যাৰ দৰে অপৰাধৰ আশ্ৰয় লয় ৷ পিছে লক ডাউনে ব্যক্তিগৰাকীৰ জীৱনত লগালে কেনা ৷ পুনৰবাৰ যুৱতীগৰাকী চাৰিমাহৰ অন্তঃসত্বা হোৱাত ব্যক্তিগৰাকী বিমোৰত পৰি যুৱতীগৰাকীক বিভিন্ন ভয়-ভাবুকি প্ৰদান কৰা আৰম্ভ কৰে ৷ কিন্তু উক্ত খবৰ চহৰখনত বনজুইৰ দৰে বিয়পি পৰাত ন্যায় বিচাৰি যুৱতী গৰাকীৰ পৰিয়ালে কাষ চাপে আৰক্ষীৰ ৷