নলবাৰী, 12 জানুৱাৰী :উৰুকাৰ বজাৰত বিধে বিধে মাছ যোগান ধৰিবলৈ নিজৰ পুখুৰীত নামি মাছ মৰাত ব্যস্ত হৈ পৰিছে এজন শিক্ষিত যুৱক । নলবাৰীৰ দাহুদি গাঁৱৰ দিলীপ হালৈ নামৰ 41 বছৰীয়া যুৱকজনে চৰকাৰী চাকৰিৰ আশা ত্যাগ কৰি পিতৃয়ে চলাই যোৱা মৎস্য ব্যৱসায় খনকে নতুন ৰূপ দি আগবঢ়াই নিছে ।
প্ৰায় তিনিশ বিঘা ভূমিত ৯ টাকৈ পুখুৰীত মৎস্য পালন কৰি নিজকে সংস্থাপিত কৰাৰ উপৰিও অন্য ৪৫ টা পৰিয়ালক উপাৰ্জন পথ দিছে দিলীপ হালৈয়ে । উল্লেখ্য যে, প্ৰতিটো বৰ্ষত প্ৰায় ২৫ কুইন্টলকৈ মাছ বিক্ৰী কৰিবলৈ সক্ষম হোৱাৰ লগতে প্ৰতিবছৰে 25 লাখ টকালৈকে লাভ আদায় কৰে বুলি জানিবলৈ দিছে দিলীপ হালৈয়ে ।