নলবাৰী, ২০ অক্টোবৰ:পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো কেইটামান দিন বাকী । দীপাৱলীক আদৰিবলৈ সাজু দেশ তথা ৰাজ্যবাসী (Diwali 2022) । আন্ধাৰ বিনাশী পোহৰৰ আৰাধনাৰ বাবে সাজু হৈছে সকলো (Diwali in Assam) । দীপাৱলীৰ ৰং, ৰূপ আৰু পোহৰেৰে আগন্তুক দিন উজলাবলৈ প্ৰস্তুতি চলিছে সৰ্বত্ৰে (Preparation for Diwali in Assam) ।
দীপাৱলী মানেই চাকি-বন্তি আৰু আতচবাজীৰ পোহাৰ । পোহৰৰ উৎসৱত আটচবাজীৰে আকাশ ৰজনজনাবলৈ সাজু হৈছে নলবাৰীৰ বাহজানীৰ এটা আটচবাজী উদ্যোগ ৷ এইবাৰো বিশেষ আকৰ্ষিত ৰূপত জিলাখনৰ নিজবাহজানীস্থিত ‘মা আইকন আটচবাজী উদ্যোগ’ নামৰ থলুৱা উদ্যাগটোও সাজু হৈ উঠিছে দীপাৱলীৰ বাবে (Nalbari local fire crackers industry) ৷ বহজানীৰ গজেন তলুকদাৰৰ ‘মা আইকন আটচবাজী উদ্যোগ’ নামৰ থলুৱা উদ্যাগটোৱে এইবাৰ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধক বিশেষভাৱে গুৰুত্ব আৰোপ কৰি সাজি উলিয়াইছে ৰাছিয়া আৰু ইউক্ৰেইন নামৰ এবিধ আটচবাজী ।
লগতে সাজি উলিয়াইছে জুবিন গাৰ্গৰ অনামিকা নামেৰে অন্য এবিধ আটচবাজী । যাৰ মূল্য প্ৰায় 16 শ টকা । আনহাতে ৰাছিয়া আৰু ইউক্ৰেইন আটচবাজীৰ মূল্য প্ৰায় ৮০০ ৰ পৰা ৯০০ টকা বুলি জানিবলৈ দিয়ে । নলবাৰীৰৰ ‘মা আইকন আটচবাজী উদ্যোগ’ নামৰ থলুৱা উদ্যাগটোত দীপাৱলীৰ আকাশ পোহৰাবলৈ সম্প্ৰতি প্ৰায় চল্লিশগৰাকী কৰ্মচাৰীয়ে দিনে নিশাই আটচবাজী নিৰ্মাণত ব্যস্ত (Nalbari local fire crackers industry ready) ।
তাৰ সামন্তৰালকৈ ঢেঁকীশালত আটচবাজীৰ বাবে বাখৰ খুন্দাত ব্যস্ত পৰিয়ালটোৰ মহিলাসকল । উদ্যোগটোৰ স্বত্বাধিকাৰী গজেন তালুকদাৰে জনোৱা অনুসৰি, এই থলুৱা উদ্যোগটোৰ পৰা লাখ লাখ টকাৰ আটচবাজী অসমৰ ভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হয় ৷ এইবেলিও বহু লক্ষাধিক আটচবাজী নিৰ্মাণ কৰি ইতিমধ্যে পাইকাৰী বজাৰত তেওঁলোকে বিক্ৰী কৰা বুলি জানিব দিয়ে ।