অসম

assam

ETV Bharat / state

লক ডাউনঃপঞ্চম দিনত ৰাজ্যৰ বিভিন্ন স্থানৰ পৰিস্থিতি

Assam Lock Down:5th Day Different news from state
লক ডাউনৰ পঞ্চম দিন

By

Published : Mar 29, 2020, 4:27 PM IST

Updated : Mar 29, 2020, 11:48 PM IST

23:36 March 29

মৰাণত বিধায়কৰ শাক-পাচলি বিতৰণ

মৰাণত বিধায়কৰ শাক-পাচলি বিতৰণ

মৰাণ,29 মাৰ্চঃলক ডাউনৰফলত অত্যাৱশ্যকীয় সামগ্ৰী বিশেষকৈ শাক-পাচলিৰ ভীষণ নাটনি হৈছে মৰাণত । বিশেষকৈ দিন-হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া লোকসকলৰ বাবে এই পৰিস্থিতি হৈ পৰিছে চিন্তনীয় । ৰাইজৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে মৰাণৰ বিভিন্ন ঠাইত নিজে গৈ ঘৰে ঘৰে শাক-পাচলি বিতৰণ কৰে । লগতে বিধায়কগৰাকীয়ে বিশেষ প্ৰয়োজন নহ’লে ঘৰৰ বাহিৰলৈ নাহিবলৈ আহ্বান জনায় ৰাইজক ।

23:25 March 29

ডিমা হাছাওত জনসাধাৰণলৈ কঠোৰ সকিয়নী প্ৰদান উপায়ুক্তৰ

জনসাধাৰণলৈ কঠোৰ সকিয়নী

ডিমা হাছাও,29 মাৰ্চঃ লক ডাউন অমান্য কৰিলে লোৱা হ’ব কঠোৰ ব্যৱস্থা-এই ঘোষণা ডিমা হাছাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱাৰ ৷ এই নিৰ্দেশৰ পিছতে জিলাখনত সক্ৰিয় হৈ উঠিছে আৰক্ষী । বিনা কামত হাফলং চহৰৰ ৰাজপথত ওলালে ৰাইজে ভুগিব লাগিব কঠোৰ শাস্তি ৷ এই কথা প্ৰকাশ কৰে জিলাখনৰ আৰক্ষী অধীক্ষক বীৰ বিক্ৰম গগৈয়ে । দেওবাৰে প্ৰশাসনৰ সহযোগত হাফলং চহৰৰ নিম্ন হাফলং অসামৰিক চিকিৎসালয়ৰ ওচৰত চৰকাৰী বাগানৰ সমীপৰ নিউ মাৰ্কেট হাফলং এ এচ টি চি বাছষ্টেণ্ড আৰু হাফলং লাল ফিল্ডত শাক-পাচলি বিক্ৰী কৰা হয় ।

23:15 March 29

তেজপুৰত চুলাই ঘাটি উচ্ছেদ আৰক্ষীৰ

চুলাইঘাটি উচ্ছেদ আৰক্ষীৰ

তেজপুৰ,২৯ মাৰ্চঃলক ডাউনৰ পঞ্চম দিনত জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰ হৈছে আবকাৰী বিভাগ ৷ এই সময়ছোৱাত কোনেও যাতে অবৈধ বা দেশীয় নাইবা বিদেশী সুৰা বিক্ৰী কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আবকাৰী বিভাগক কঠোৰ নিৰ্দেশ দিছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ দেওবাৰে শোণিতপুৰৰ বিভাগটোৰ তেজপুৰৰ পৰিদৰ্শকৰ নেতৃত্বত যোৱা এটা দলে শালনীবাৰী আৰক্ষীৰ সহযোগত চাৰিদুৱাৰ বাটামাৰী গাঁৱত অভিযান চলাই জব্দ কৰে বহু পৰিমাণৰ সুৰা । লগতে ঘাটিসমূহো উচ্ছেদ কৰে পৰিদৰ্শনকাৰী দলটোৱে ৷

23:02 March 29

ডিব্ৰুগড়ত চুলাই জব্দ আবকাৰী বিভাগৰ

ডিব্ৰুগড়ত চুলাই জব্দ আবকাৰী বিভাগৰ

ডিব্ৰুগড়,29 মাৰ্চঃ দেওবাৰে অবৈধ চুলাইৰ বিৰুদ্ধে বৃহৎ অভিযান চলালে ডিব্ৰুগড় আৱকাৰী বিভাগে । লক ডাউনৰ মাজতে একাংশই জিলাখনত চলাইছে অবৈধ সুৰা আৰু চুলাইৰ ৰমৰমীয়া ব্যৱসায় । বিশেষকৈ চহৰখনৰ উপকণ্ঠ অঞ্চল আৰু বাগিচা অধ্যুষিত অঞ্চলত বেছিকৈ দেখা গৈছে এই বৰবিহৰূপী চুলাই মদৰ প্ৰভাৱ । এনে অসাধু চুলাই ব্যৱসায়ীক নাকী লগাবলৈ আবকাৰী বিভাগে চলায় এই অভিযান । লগতে নষ্ট কৰে বহু হাজাৰ লিটাৰ চুলাইৰ লগতে লালীগুড় আৰু চুলাই প্ৰস্তুত কৰা সামগ্ৰী ।

22:53 March 29

পাঠশালাত উদ্ধাৰ বৃহৎ পৰিমাণৰ সুৰা

অবৈধ সুৰা জব্দ

পাঠশালা,২৯ মাৰ্চঃ পাঠশালাত গেলামাল দোকানৰ পৰা উদ্ধাৰ হয় অবৈধ সুৰা ৷ দণ্ডাধীশ অপূৰ্ব নাথৰ নেতৃত্বত আবকাৰী বিভাগৰ দ্বাৰা চলা অভিযানত দেওবাৰে জব্দ কৰা হয় সুৰাখিনি ৷ লগতে উদ্ধাৰ হয় 21টা সুৰাৰ বটল জব্দ আৰু 15 টা খালী কাৰ্টুন ৷ লক ডাউনৰ গইনা লৈ একাংশক আৰক্ষীৰ চকুত ধুলি দি চলাই আহিছিল এই ব্যৱসায় ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আবকাৰী বিভাগৰ দ্বাৰা এক গোচৰ ৰুজু কৰা হৈছে l

22:37 March 29

শিৱসাগৰত দৰিদ্ৰক সহায় মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈৰ

দৰিদ্ৰলোকলৈ সহায়ৰ হাত মিষ্টাৰ ইণ্ডিয়াৰ

শিৱসাগৰ,29 মাৰ্চঃ শিৱসাগৰ নগৰৰ সমীপৰ বিভিন্ন অঞ্চলত দেওবাৰে মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈয়ে দৰিদ্ৰ পৰিয়ালৰ মাজত নিত্য প্রয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰে । শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গগৈয়ে ৩০টা পৰিয়ালৰ তিনিমাহৰ বাবে দায়িত্ব গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ।

ইয়াৰোপৰি,শিৱসাগৰত কৰ’ণা ভাইৰাছৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয়ভাৱে নিৰ্মাণ কৰা হৈছে ৬০০ মাস্ক ৷ মাস্কসমূহ স্বাস্থ্য বিভাগক বিনামূলীয়াভাৱে যোগান ধৰিছে যোগ টেক্সটাইল নামৰ এটা প্ৰতিষ্ঠানে । তুতুল সন্দিকৈ নামৰ ব্যক্তি গৰাকীৰ নিজাববীয়া প্ৰচেষ্টাতে ব্যক্তিগতভাৱে উদ্যোগটোৱে নিৰ্মাণ কৰে এই মাস্কসমূহ । প্ৰতিষ্ঠানটোৱে অন্য সকলো কাম বন্ধ কৰি বৰ্তমান বেতবাৰী নাওজান গাঁৱত থকা কাৰখানাত ৰাইজৰ সুবিধাৰ বাবে প্ৰয়োজনীয় মাস্ক তৈয়াৰ কৰাত ব্যস্ত আছে ।

22:24 March 29

সৰুপথাৰৰ নাওজানত নগা দুৰ্বৃত্তৰ ডাণ্ডৱ

নাওজানত নগা দুৰ্বৃত্তৰ ডাণ্ডৱ

সৰুপথাৰ,29 মাৰ্চঃ দেশত চলি থকা লক ডাউনৰ সময়তে সৰুপথাৰৰ নাওজানত নগা দুৰ্বৃত্তই দেখুওৱা অতপালিত সমগ্ৰ অঞ্চলটোত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় ৷ নাওজানৰ ২নং মৰাজানৰ ইমতাজ আলী নামৰ এজন লোকৰ দোকানত শনিবাৰে নিশা লোহেজ' বস্তিৰ নিকাট' চেমা নামৰ এজন নগা দুৰ্বৃত্তই গুলীচালনা কৰাৰ লগতে ইমতাজ নথকাৰ সুযোগত দোকানখন লণ্ডভণ্ড কৰে ৷ ঘটনাস্থলীত চি আৰ পি এফ আৰু ধনশিৰি এছ ডি পি অ’ প্ৰাঞ্জল বৰা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷

21:57 March 29

আবকাৰী মন্ত্ৰীৰ নিৰ্দেশমৰ্মে প্ৰস্তুত 5 কোটি চেনিটাইজাৰ

প্ৰস্তুত 5 কোটি চেনিটাইজাৰ

গুৱাহাটী,২৯ মাৰ্চঃ অসমৰ লগতে সমগ্ৰ দেশে মৃত্যুদূত কৰ'ণাৰে যুঁজ দিয়াৰ ক্ষেত্ৰত এক সামান্য অৰিহণা আগবঢ়াবলৈ ৰাজ্যৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই গ্ৰহণ কৰিছিল এক বিশেষ পদক্ষেপ । তেওঁ অসমত থকা বিলাতী সুৰা প্ৰস্তুতকৰণ কোম্পানী আৰু বটলিং প্লাণ্টসমূহক নিৰ্দেশ দিছিল,সকলোৱে যাতে যুদ্ধকালীন তৎপৰতাৰে কমেও পাঁচ কোটি চেনিটাইজাৰৰ বটল প্ৰস্তুত কৰি উলিয়ায় ৷ সেই অনুসৰি কোম্পানী আৰু বটলিং প্লাণ্টসমূহ নামি পৰে এই কাৰ্যত । ইতিমধ্যে দুশ মিলিলিটাৰৰ পাঁচ কোটি এলক’হলিক চেনিটাইজাৰৰ অধিকাংশই সাজু হৈ উঠিছে । খুব সোনকালে এই পাঁচ কোটি বটল ৰাইজৰ মাজত বিতৰণৰ বাবে আবকাৰী বিভাগে ৰাজ্য চৰকাৰক‌ চমজাই দিব ৷ আশা কৰা হৈছে,এই পাঁচ কোটি চেনিটাইজাৰৰ বটল ৰাইজৰ হাতত পৰাৰ পিছত ইয়াৰ নাটনি কিছু পৰিমাণে হ'লেও দুৰ হ’ব ।

21:39 March 29

নলবাৰীত এন জি অ’ৰ খাদ্য সামগ্ৰী বিতৰণ

খাদ্য সামগ্ৰী বিতৰণ

নলবাৰী,29 মাৰ্চঃলক ডাউনৰ মাজতে দেওবাৰে নলবাৰীৰ আস্থা এন জি অ’ই দৰিদ্ৰ লোকৰ মাজত বিতৰণ কৰে চাউল,দাইল,পিয়াজ,আলুকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী ৷ এন জি অ’টোৱে এই কাৰ্যৰ যোগেদি উচ্চ প্ৰশংসা লাভ কৰিছে ৰাইজৰ ৷

21:32 March 29

চিৰাঙত গো-মাংসক কেন্দ্ৰ কৰি উত্তেজনা

গো-মাংসক কেন্দ্ৰ কৰি উত্তেজনা

চিৰাং,29 মাৰ্চঃ লকডাউনৰ মাজতে গো-মাংসক কেন্দ্ৰ কৰি উত্তেজনা সৃষ্টি চিৰাঙৰ বঙাইগাঁৱত ৷ জিলাখনৰ দোলাইগাঁৱৰ পথাৰত ঘটনাৰ খবৰ পাই ৰাইজে কৰায়ত্ত কৰি বান্ধি থয় মাংস ব্যৱসায়ীজনক ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰিলে দুজন লোকক । লকডাউনৰ লগতে বঙাইগাঁৱত জিলা প্ৰশাসনে জাৰি কৰিছিল 144 ধাৰা ৷

21:09 March 29

শান্তিপূৰ্ণ লক ডাউন অব্যাহত অসম-অৰুণাচলৰ ডিৰাক গেটত

শান্তিপূৰ্ণ লক ডাউন অব্যাহত

শদিয়া,29 মাৰ্চঃ শান্তিপূৰ্ণ লক ডাউন অব্যাহত আছে অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ডিৰাক গেটত ৷ অৰুণাচল আৰক্ষী, চি আৰ পি এফকে ধৰি নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াসকলে গেটখনেৰে জৰুৰীকালীন সেৱাৰ বাহিৰে আন লোকৰ প্ৰৱেশত বাধা প্ৰদান কৰিছে ৷ সমান্তৰালভাৱে বহিঃৰাজ্যৰ কোনো লোক অৰুণাচলত প্ৰৱেশ কৰিলে চিকিৎসা কৰ্মীৰ হতুৱাই স্কেনিঙৰ ব্যৱস্থা কৰা হৈছে ৷

20:35 March 29

ডুমডুমাত আৰক্ষীয়ে নদীত উটুৱালে গাহৰী মাংস

কঠোৰ আৰক্ষী

তিনিচুকীয়া,29 মাৰ্চঃলক ডাউনৰ পঞ্চম দিনা তিনিচুকীয়া জিলাৰ ডুমডুমা,তালাপ আদি অঞ্চলত বিনা কাৰণত ৰাজপথলৈ ওলাই অহা লোকৰ ওপৰত আৰক্ষীয়ে লাঠি চাৰ্জ কৰে ৷ ডুমডুমা নগৰত দেওবাৰে কিছু পৰিমাণে হোৱা জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় তালাপ বজাৰলৈ একাংশ ব্যৱসায়ীয়ে গাহৰী মাংস বিক্ৰী কৰিবলৈ ওলাই আহে । তালাপ আৰক্ষীয়ে বজাৰত উপস্থিত হোৱাৰ লগে-লগে মাংস ব্যৱসায়ীসকল উক্ত স্থানৰ পৰা পলায়ন কৰে । পাছত আৰক্ষীয়ে মাংসখিনি সমীপৰ নৈত পেলাই দিয়ে ৷

20:11 March 29

বকোত লক ডাউন উলংঘাকাৰীক শাস্তি প্ৰদান আৰক্ষীৰ

শাস্তি প্ৰদান আৰক্ষীৰ

বকো,29 মাৰ্চঃ লক ডাউনৰ পঞ্চমদিনা কামৰূপ জিলা উপ-আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠক,বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যোগেন্দ্ৰ বৰ্মনসহ আৰক্ষীৰ এটা দলে বকোৰ নগৰবেৰা অঞ্চল পৰিভ্ৰমণ কৰি লক ডাউনক অমান্য কৰি ৰাজপথলৈ অহা বহুকেইজন লোকক আঁঠু কঢ়াই শাস্তি প্ৰদান কৰে । লগতে ছয়খন মটৰ চাইকেল জব্দ কৰে ।

19:47 March 29

বৰপেটাত লক ডাউন উলংঘা কৰা যুৱকক আটক

লক ডাউন উলংঘা কৰা যুৱকক আটক

বৰপেটা,২৯ মাৰ্চঃ বৰপেটাত পুনৰ উলংঘা লক ডাউন ৷ লক ডাউন উলংঘাৰ অপৰাধত চানিদুল ইছলাম(18) নামৰ এজন যুৱকক আটক কৰে তাৰাবাৰী আৰক্ষীয়ে ৷ চৰকাৰী নিৰ্দেশক অমান্য কৰি নিজ বাহনেৰে ঘৰৰ বাহিৰলৈ আহিছিল যুৱকজন ৷ আৰক্ষীয়ে যুৱকজনৰ পৰা জব্দ কৰে এখন মটৰ চাইকেল ৷ তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ দাসে আটক কৰে যুৱকজনক ৷ আটকাধীন চানিদুলৰ ঘৰ বাঘবৰ থানাৰ অন্তৰ্গত ম’হোৰি গাঁৱত ৷ জব্দকৃত মটৰ চাইকেলখনৰ নম্বৰ AS 15 L 4254 ৷

19:37 March 29

টীয়কত পৌৰসভাৰ উদ্যোগত নগৰ পৰিস্কাৰ

পৌৰসভাৰ অনন্য পদক্ষেপ

টীয়ক,29 মাৰ্চঃবিগত ২৭ মাৰ্চত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ কৰ’ণাৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থা পৰ্যবেক্ষণ কৰাৰ পিছত জিলাখনৰ প্ৰতিখন পৌৰসভাৰ পৌৰপতিসকলক নিজ নিজ এলেকা ছেনিটাইজেশ্যন কৰিবলৈ নিৰ্দেশ দিছিল ৷ সেইমৰ্মে টীয়কবাসীৰ আহ্বানক্ৰমে প্ৰশাসনৰ সহযোগত পৌৰসভাই টীয়কৰ নগৰ অঞ্চলত অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত ছেনিটাইজ কৰিবলৈ আৰম্ভ কৰে ৷ এই ছেনিটাইজেশ্যন লক ডাউন নোখোলা পৰ্যন্ত বিভিন্ন অঞ্চলত চলি থাকিব ৷

19:22 March 29

লক ডাউনৰ মাজতে খাদ্য সামগ্ৰী বিতৰণ তিতাবৰৰ সাংবাদিকৰ

খাদ্য সামগ্ৰী বিতৰণ সাংবাদিকৰ

যোৰহাট,29 মাৰ্চঃসংবাদ সেৱাৰ সমান্তৰালকৈ মানৱ সেৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে তিতাবৰৰ কেইগৰাকীমান সাংবাদিকে ৷ প্ৰায় ১০০টা দৰিদ্ৰ পৰিয়ালক বিতৰণ কৰে খাদ্য সামগ্ৰী ৷

19:00 March 29

মাৰ্ঘেৰিটাৰ বিভিন্ন স্থানত চেনিটাইজেশ্যন

বিভিন্ন স্থানত চেনিটাইজেশ্যন

মাৰ্ঘেৰিটা,29 মাৰ্চঃ ৰাজ্যৰ সকলো প্ৰান্তৰ দৰে মাৰ্ঘেৰিটা মহকুমাত চলিছে চেনিটাইজেশ্যন ৷ তিনিচুকীয়া জিলাৰ লিডু গাঁও পঞ্চায়তৰ কৰ্মকর্তাই কৰুণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ প্ৰতিষেধক হিচাপে ফেনাইল,চিত্ৰনলা,ব্লিচিং পাউদাৰ,থিনাৰ আদি পানীত মিহলাই বিভিন্ন স্থান পৰিস্কাৰ কৰে ।

18:45 March 29

নলবাৰীৰ গাঁৱসমূহত শূন্য পৰিৱেশ বিৰাজ

শূন্য পৰিৱেশ বিৰাজ

নলবাৰী,29 মাৰ্চঃ লক ডাউনৰ সময়ছোৱাত নলবাৰীৰ গ্ৰাম্যাঞ্চলতো যথেষ্ঠ সতৰ্কতা অৱলম্বন কৰা হয় ৷ শূন্য পৰিৱেশে বিৰাজ কৰে প্ৰতিখন গাঁৱত ৷

17:59 March 29

ৰঙাপৰাত পথ বন্ধ

ৰঙাপৰাত পথ বন্ধ

ৰঙাপৰা,29 মাৰ্চঃ কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ ৰঙাপৰাতো চলিছে সজাগতা অভিযান । ৰঙাপৰাৰ বিভিন্ন প্ৰান্তৰ গাঁৱবাসী আৰু ৰাইজে পথৰ ওপৰত বাঁহৰ হেঙাৰ আঁৰি দি অচিনাকী ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰিছে । ৰঙাপৰাৰ খেৰণীবস্তি,উপৰ কছাৰীগাঁও,ধোলকোৱা,তাৰাজুলি আদি ঠাইত এই ব্যৱস্থা গ্ৰহণ কৰা গৈছে ৷

17:17 March 29

ধুবুৰীত শাক-পাচলিৰ হোম ডেলিভাৰী আৰম্ভ

শাক-পাচলিৰ হোম ডেলিভাৰী আৰম্ভ

ধুবুৰী,29 মাৰ্চঃ লক ডাউনৰ সময়ত ৰাইজে যাতে ঘৰৰ পদূলিত শাক-পাচলিকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী লাভ কৰে তাৰ প্ৰতি গুৰুত্ব দিছে ধুবুৰী জিলা প্ৰশাসনে । সেয়ে ধুবুৰী চহৰত আৰম্ভ হৈছে হোম ডেলিভাৰী সেৱা । শনিবাৰৰ পৰা ধুবুৰী চহৰত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ হোম ডেলিভাৰী প্ৰক্ৰিয়া আৰম্ভ কৰিছে জিলা প্ৰশাসন আৰু ধুবুৰী পৌৰসভাই । ধুবুৰীৰ নিউ মাৰ্কেটৰ পৰা আৰম্ভ কৰি চহৰৰ মুঠ ষোল্ল টা ৱাৰ্ডত এইদৰে ই ৰিক্সৰ জৰিয়তে আৰক্ষী প্ৰশাসনৰ সহযোগত ৰাইজৰ পদূলিত যোগান ধৰা হৈছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী। উচিত মূল্যত ৰাইজে লাভ কৰিছে এনে খাদ্য সামগ্ৰী সমূহ। কিন্তু এই সুবিধাৰ পৰা বঞ্চিত হৈছে চৰ অঞ্চলৰ ৰাইজ ৷ 

16:50 March 29

শিৱসাগৰত লায়ন্স ক্লাৱৰ উদ্যোগত খাদ্য সামগ্ৰী বিতৰণ

খাদ্য সামগ্ৰী বিতৰণ

শিৱসাগৰ,29 মাৰ্চঃ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ঘোষণা কৰা লক ডাউনৰ বাবে সমস্যাৰ সন্মুখীন হোৱা ৰাইজৰ কাষত থিয় দিছে শিৱসাগৰ লায়ন্স ক্লাবে । চহৰখনৰ আশে-পাশে থকা দৰিদ্ৰ লোক সকলক সহায় কৰাৰ উদ্দেশ্য ক্লাৱটোৱে শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত দেওবাৰে খাদ্য সামগ্ৰী বিতৰণ কৰে । শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলি,যমুনা ৰোড আৰু লখিমী নগৰত এই কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে স্থানীয় ষ্টেচন চাৰিআলিত সামগ্ৰী বিতৰণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । কাৰ্যসূচীত অংশগ্ৰহণ কৰে অতিৰিক্ত উপায়ুক্ত বিদিত দাসৰ লগতে লায়ন্স ক্লাৱৰ সম্পাদক শুভম আগৰৱালায়ে ৷

16:28 March 29

বৰপথাৰত পৌৰপতিৰ নেতৃত্বত শাক-পাচলি বিক্ৰী

শাক-পাচলি বিক্ৰী

সৰুপথাৰ,29 মাৰ্চঃ চৰকাৰৰ লক ডাউনৰ সিদ্ধান্তৰ পিছত গোলাঘাট জিলাৰ বৰপথাৰ পৌৰসভা এলেকাৰ অন্তৰ্গত চাৰিটা ৱাৰ্ডত ঘৰে ঘৰে শাক-পাচলি যোগান ধৰা প্ৰক্ৰিয়া আৰম্ভ কৰা হয় ৷ নিৰ্ধাৰিত মূল্যত নগৰখনৰ চাৰিটা ৱাৰ্ডৰ সকলো শ্ৰেণীৰ লোকে যাতে শাক-পাচলি লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি পৌৰপতি শৈলেশ কুমাৰ সিঙে সমগ্ৰ প্ৰক্ৰিয়াটো তদাৰক কৰে ৷ ৱাৰ্ডসমুহৰ প্ৰতিটো গলিৰ সন্মুখত শৃংখলাবদ্ধভাৱে চৰকাৰে বান্ধি দিয়া ১ মিটাৰ দূৰত্ব অৱলম্বন কৰি ৰাইজে শাক-পাচলি ক্ৰয় কৰা দেখা যায় ৷

15:44 March 29

লক ডাউন অমান্য কৰি ধুবুৰীৰ ইটা ভাটাত অব্যাহত কাম

ধুবুৰীৰ ইটা ভাটাত অব্যাহত কাম

ধুবুৰী,29 মাৰ্চঃ ধুবুৰীৰ গৌৰীপুৰত লক ডাউন অমান্য কৰি কেইবাটাও ইটা ভাটাত অব্যাহত আছে দৈনন্দিন কাম-কাজ ৷ গৌৰীপুৰস্থিত ইটা ভাটাৰ স্বত্বাধিকাৰীসকলে প্ৰশাসনৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই চলাই গৈছে ৰমৰমীয়া বেহা ৷ গৌৰীপুৰ থানাৰ পৰা প্ৰায় ৩-৪ কিল’মিটাৰ দুৰত্বৰ তেলিপাৰাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা প্ৰায়বোৰ ইটা ভাটাত চলিছে এই কাণ্ড ৷ আমছুয়ে শীঘ্ৰে ভাটাসমূহত চলি থকা কাম-কাজ বন্ধৰ বাবে জিলা উপায়ুক্তক দাবী জনাইছে ৷

Last Updated : Mar 29, 2020, 11:48 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details