অসম

assam

ETV Bharat / state

নলবাৰীত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে আছুৰ নেতৃত্বত জোঁৰ সমদল - "প্ৰ’পাৰ আছাম"

সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত সন্ধিয়া নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ ভৱনৰ পৰা উলিওৱা হয় জোঁৰ সমদল ৷ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হিমান বৰ্মন আৰু কাৰ্যনিৰ্বাহক ভৱজিৎ বেজবৰুৱাই অংশগ্ৰহণ কৰে এই জোঁৰ সমদলত ।

নলবাৰীত চি এ এ বাতিলৰ দাবী
আছুৰ জোঁৰ সমদল

By

Published : Dec 29, 2019, 11:53 PM IST

নলবাৰী, 29 ডিচেম্বৰঃ দেওবাৰে নলবাৰীত আছুৰ নেতৃত্বত জোঁৰ সমদলৰ কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত সন্ধিয়া নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ ভৱনৰ পৰা উলিওৱা হয় এই সমদল । আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হিমান বৰ্মন আৰু কাৰ্যনিৰ্বাহক ভৱজিৎ বেজবৰুৱাই অংশগ্ৰহণ কৰে এই জোঁৰ সমদলত । চি এ এ বাতিলৰ দাবীত বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে দলটোৱে ৷

আছুৰ জোঁৰ সমদল

লগতে দিল্লীৰ ওচৰত আঁঠু লোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে কাম কৰিবলৈ আহ্বান জনায় ৷ ইপিনে "প্ৰ’পাৰ আছাম"ৰ নাম লৈ অসমক বিভক্ত কৰিব বিচৰাক লৈ ননীগোপাল মহন্তক তীব্ৰ সকীয়নি প্ৰদান কৰে নলবাৰী জিলা আছুই ৷ মহন্তক নলবাৰীলৈ আহি জিলাখন খিলঞ্জীয়া লোকৰ ঠাই হয় নে নহয় পৰীক্ষা কৰিবলৈ আহ্বান জনায় আছুৱে ৷

লগতে চাওকঃনতুন বৰ্ষত ৰূপসী বিমানবন্দৰৰ পৰা উৰাজাহাজ উৰিবঃ সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

...view details