নলবাৰী, 22 জুলাই :বুধবাৰে ৰাজ্যৰ ইছলামধৰ্মী লোকসকলে পালন কৰে পবিত্ৰ ঈদ ৷ ঈদ উদযাপনৰ মাজতে সংঘটিত হোৱা এক ঘটনাই যুৱ প্ৰজন্মৰ এচামৰ মাজত দেখা দিয়া সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ প্ৰৱণতাৰ দিশটো পোহৰলৈ আনে ৷ নলবাৰী জিলাৰ কমাৰকুছি থানাৰ অন্তৰ্গত কমাৰকুছি গাঁৱৰ এগৰাকী যুৱতীয়ে বুধবাৰে নিজৰ নম্বৰত থকা হোৱাটছ এপৰ ষ্টেটাচ(whatsAap status)ত কিছু বিতৰ্কিত ফটো প্ৰচাৰ কৰে ৷ ষ্টেটাছযোগে যুৱতীগৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma)লৈ গো-মাংস(beef) প্ৰেৰণৰ প্ৰস্তাৱ আগবঢ়ায় ৷
প্ৰাপ্ত তথ্য অনুসৰি, যুৱতীগৰাকীয়ে প্ৰথমে এটা মৃত গৰুৰ ফটো প্ৰচাৰ কৰে ৷ ইয়াৰ পিছতেই গো-মাংসৰ টুকুৰা কৰি থকা অন্য এখন ফটো দি তাৰ কিছু অংশ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰিব বুলি বিতৰ্কিত মন্তব্য কৰে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক এইদৰে গো-মাংস প্ৰেৰণৰ প্ৰস্তাৱ দিয়াৰ বিষয়টোত বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ এয়া মুখ্যমন্ত্ৰীগৰাকীৰ লগতে হিন্দু সমাজৰ প্ৰতি কৰা অপমান বুলিও মত পোষণ কৰে সংগঠনটোৱে ৷