নলবাৰী, 30 নৱেম্বৰ : সৰ্থেবাৰীত থকা চিৰনমস্য গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ 46 সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি কৃষ্ণগুৰু সেৱাশ্ৰমত পালন কৰিলে প্ৰতিষ্ঠা মহোৎসৱ ৷ এই প্ৰতিষ্ঠা মহোৎসৱ উপলক্ষে দুচকীয়া আৰু চাৰিচকীয়া বাহনেৰে সৰ্থেবাৰীৰ পৰা নলবাৰী হৈ এক বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয় ৷ কৃষ্ণগুৰু সেৱা আশ্ৰমৰ ভক্তিমাতৃ আই কুন্তলা পাটোৱাৰী গোস্বামীয়ে কয় যে, "ৰাসতেই ৰসৰ সৃষ্টি হয়, এই ৰস ভক্তিপ্ৰেমৰ ৰস ৷ এই ৰাস পূৰ্ণিমাৰ দিনাখনেই প্ৰভু শ্ৰীকৃষ্ণৰ ভক্ত গোপিনীসকলে নিজে তৰি আনকো তৰাৰ মাৰ্গ দৰ্শন কৰাইছে য'ত আত্মা আৰু পৰমাত্মাৰ মাজত এক মিলন সেঁতুৰ সৃষ্টি হৈছে" ৷
কৃষ্ণ গুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠা দিৱস পালন
চিৰনমস্য গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ 46 সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি কৃষ্ণগুৰু সেৱাশ্ৰমত পালন কৰা হয় প্ৰতিষ্ঠা মহোৎসৱ ৷ প্ৰতিষ্ঠা মহোৎসৱ উপলক্ষে দুচকীয়া আৰু চাৰিচকীয়া বাহনেৰে এক বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয় ৷
কৃষ্ণ গুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠা দিৱস পালন
উল্লেখ্য যে, 1974 চনত বৰপেটা জিলাৰ নসত্ৰ গ্ৰামত ৰাস পূৰ্ণিমাৰ দিনাখনেই কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে কৃষ্ণগুৰু সেৱাশ্ৰম প্ৰতিষ্ঠা কৰিছিল ৷ তাৰ পাছৰে পৰাই কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে কৃষ্ণগুৰুৰ একনাম প্ৰচাৰ কৰি আহিছে ৷
লগতে পঢ়ক :যোৰহাটত চিলিণ্ডাৰ বিস্ফোৰণ ঘটি ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত