নলবাৰী,৫ আগষ্ট: ৰামমন্দিৰৰ শিলান্যাস আৰু ভূমিপূজনৰ দিনটোতে নলবাৰীত দেখা গ'ল নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ।
নলবাৰীত কৃষক মুক্তিৰ ধৰ্ণা কাৰ্যসূচী - তীব্ৰতৰ
অখিল গগৈৰ মুক্তিৰ দাবীত নলবাৰীত কৃষক মুক্তিৰ ধৰ্ণা কাৰ্যসূচী । প্ৰতিবাদী সকলে কা বাতিলৰ বাবেও কৰিলে প্ৰতিবাদ ।
নলবাৰীত কৃষক মুক্তিৰ ধৰ্ণা কাৰ্যসূচী
হাতে হাতে বেনাৰ ফেষ্ট'ন লৈ প্ৰতিবাদ সাব্যস্ত কৃষক মুক্তিৰ সদস্য সকলে সংগঠনটোৰ উপদেষ্টা অখিল গগৈকে ধৰি কাৰাবন্দী সকলো নেতাক চৰকাৰে বিনা চৰ্তে মুক্তি দিবলৈ জনালে দাবী ।
লগতে কা বাতিলৰ দাবীৰেও সৰৱ হ'ল ধৰ্ণা কাৰ্সূচীত উপস্থিত কৃষক মুক্তিৰ সদস্য সকল। অন্যথা আন্দোলন অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ দিলে সংগঠনটোৱে ।