নলবাৰী, ৩০ মাৰ্চ :বিতৰ্ক আৰু কৰিশ্মা নাথ যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি । নিজৰ অংগী ভংগীৰে নাগাৰা নাম গাই জনপ্ৰিয় হৈ পৰিছে কৰিশ্মা নাথ । নিতৌ ইজনৰ পিছত সিজনকৈ নাগাৰা শিল্পীৰ সমালোচনাৰ সন্মুখীন হোৱা কৰিশ্মা কিন্তু নিজৰ কৰ্মত যেন থমকি ৰোৱা নাই (Karishma Nath) । বিতৰ্কই আৰু অধিক জনপ্ৰিয় কৰি তোলা কৰিশ্মা নাথৰ নাগাৰা নাম মানেই এতিয়া জনসমুদ্ৰ । য'তেই কৰিশ্মাৰ অনুষ্ঠান হয় তাতেই ৰাইজৰ সোঁত বয় (karishma nath) ৷
নিশা নলবাৰীৰ বৰকুৰিহা গংগাপুখুৰীৰ বাসন্তী পূজাত কৰিশ্মা নাথৰ নাগাৰা নাম চাবলৈ দৰ্শক হিচাপে আহিল হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ (Karishma Nath performed Nagara Naam in Nalbari) । কৰিশ্মা নাথৰ বেণ্ড পাৰ্টীয়ে বহুল চৰ্চিত পে পে পে ৰে নাগাৰা নামেৰে আমোদ দিলে সহস্ৰাধিক লোকক । কৰিশ্মা নাথে নাগাৰা নাম পৰিৱেশন কৰাৰ সময়ত দেহৰ অংগীমা ভংগীমাত দৰ্শকৰ বিপুল উচাহ পৰিলক্ষিত হয় । বিতৰ্কই অধিক জনপ্ৰিয় কৰা কৰিশ্মা নাথৰ নাগাৰা নাম ওচৰৰ পৰা চাবলৈ ৰাইজৰ সঁহাৰিয়ে প্ৰমাণ কৰে যে বিতৰ্কক আওকাণ কৰি কৰিশ্মাই চলাই গৈছে নিজৰ কৰ্ম (Nagara Naam by Karishma Nath) ।