নলবাৰী, 17 অক্টোবৰ :কমলপুৰৰ লেবৰটেৰী টেকনিছিয়ানৰ হত্যাৰ সন্ধৰ্ভত বিস্ফোৰক স্বীকাৰোক্তি খোদ হত্যাকাৰীৰ ৷ ক'ত কেনেকৈ সংঘটিত কৰিলে হত্যাকাণ্ডটো ইয়াৰে A টু Z বৰ্ণনা কৰিলে হত্যাকাৰীয়ে ৷ জানিব পৰা মতে, সন্ধিয়াতে হত্যা কৰি মাজনিশাহে মৃতদেহ পুতি থোৱা হৈছিল ভুক্তভোগী মহিলা গৰাকীৰ ৷
বিশেষ সূত্ৰে জানিব পৰা মতে, হত্যাকাৰীয়ে জনাইছে যে পূৰ্বৰে পৰা থকা চিনাকি সূত্ৰে মন্টু বৰ্মনৰ বাইকত উঠি সন্ধালৈ গৈছিল মহিলা গৰাকী ৷ তাতে মহিলা গৰাকীৰ সৈতে সুৰাপান কৰিছিল বন্ধু কেইজনে ৷
ইয়াৰ পিছতে মহিলা গৰাকীৰ ওপৰত চলিছিল বৰ্বৰ অত্যাচাৰ ৷ নিশা মহিলা গৰাকী ঘৰলৈ উভতি যাব নিবিচৰাত যুৱক কেইজনে একো সমিধান নাপাই তেওঁক হত্যা কৰাৰ সিদ্ধান্ত লয় ৷ সুৰাৰ ৰাগীত মাতাল হোৱা যুৱকৰ দলটোৱে মহিলা গৰাকীক তেওঁৰে চুৰ্ণীৰে ডিঙিত চেপি হত্যা কৰে ৷ ইয়াৰ পিছত মহিলা গৰাকীৰ মৃতদেহ বাইকত তুলি নিয়া হৈছিল নদীৰ পাৰলৈ ৷ কোৰ আনি গাত খান্দি পুতি থোৱা হৈছিল মৃতদেহ ৷
হত্যা কৰি কেনেদৰে মৃতদেহ বাইকত তুলি নদীৰ পাৰলৈ নিছিল এই সমষ্ট ঘটনাৰ শিহৰণকাৰী বৰ্ণনা কৰিলে হত্যাকাৰীয়ে ৷ সম্প্ৰতি আৰক্ষীয়ে ঘটনাৰ অধিক তদন্ত চলাই আছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক :ডাঃ মুকুল হাজৰিকাক ভাৰতলৈ পঠিয়াবলৈ তৎপৰ হৈছে ইউ কে চৰকাৰ