অসম

assam

ETV Bharat / state

Kali Puja in Nalbari : কালী মাৰ আশীষ ল’বলৈ বালিলেচা কালী দেৱালয়ত ভিৰ ভক্তৰ - শ্ৰী শ্ৰী কালী পূজা

আজি কালী পূজা (Kali Puja in Nalbari)। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ ইতিহাস প্ৰসিদ্ধ নলবাৰীৰ বালিলেচা কালী দেৱালয়তো অতি উলহ-মালহেৰে আয়োজন কৰা হৈছে কালী পূজা (Kali Puja celebrated at Shree Shree kali Devalaya) ৷ প্ৰতিকুল বতৰকো নেওচি হাজাৰ হাজাৰ ভক্তই মাৰ আশীষ ল’বলৈ এইখন ইতিহাস প্ৰসিদ্ধ দেৱালয়ত ভীৰ কৰা পৰিলক্ষিত হৈছে ।

Shree Shree kali Devalaya in Nalbari
আজি কালী পূজা

By

Published : Oct 24, 2022, 10:02 PM IST

নলবাৰী, ২৪ অক্টোবৰ :আজি পোহৰৰ উৎসৱ দীপাৱলী (Diwali 2022) ৷ দীপাৱলীৰ লগতে দেশ তথা ৰাজ্যবাসীয়ে পালন কৰিছে কালী পূজা । কালী পূজা উপলক্ষে নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ বালিলেছা কালী মন্দিৰত আজি অৰ্থাৎ সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় শ্ৰী শ্ৰী কালী পূজা (Kali Puja celebrated at Shree Shree kali Devalaya) ।

বিগত দুটা বৰ্ষত ক’ভিড মহামাৰীৰ বাবে ৰাজহুৱাকৈ কালী পূজা অনুষ্ঠিত কৰিব পৰা নাছিল পূজা কমিটিসমূহে ৷ কিন্তু এইবাৰ পূৰ্বৰ ক’ভিড পৰিস্থিতি কিছু হ্ৰাস পোৱাত এদিনীয়াকৈ বিভিন্ন মাংগলিক কাৰ্যসূচীৰে ইতিহাস প্ৰসিদ্ধ বালিলেছা শ্ৰী শ্ৰী কালী দেৱালয়ত আয়োজন কৰা হৈছে কালী পূজা (Shree Shree kali Devalaya in Nalbari) ৷

বতৰে কিছু বিধি পথালি দিলেও কালী মাৰ আশীষ বিচাৰি হাজাৰ হাজাৰ ভক্তই ইতিহাস প্ৰসিদ্ধ এই কালী দেৱালয়ত ভিৰ কৰা পৰিলক্ষিত হৈছে । উল্লেখ্য যে, পূৰ্বৰে পৰা ভক্তসকলৰ মংগল কামনাৰ্থে এই দেৱালয়ত পঠা ছাগলী, হাঁহ, পাৰ চৰাই আদিৰে বলি দিয়া হয় ৷

আনহাতে, জোনাইৰ বিভিন্ন কালী মন্দিৰ আৰু থানসমূহত উখল-মাখল পৰিৱেশৰ মাজত পালন কৰা হৈছে কালী পূজা (Kali Puja at Jonai)। ইয়াৰে জোনাইৰ ললাদ গাঁৱত অৱস্থিত তথা ১৯৯৭ চনতে স্থাপন কৰা মা কালী থানত উদযাপন কৰিছে কালী পূজাৰ ৰূপালী জয়ন্তী বর্ষ (Silver Jubilee of Kali Puja at Jonai) ।

আজি কালী পূজা

ৰূপালী জয়ন্তী বর্ষ উপলক্ষে বিভিন্ন খেল-ধেমালি, সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে । ৰূপালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ললাদ নামৰ এখন স্মৃতিগ্রন্থ উন্মোচন কৰা হয় । স্মৃতিগ্রন্থখন উন্মোচন কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কার্যবাহী সদস্য প্রশান্ত বৰিয়ে ।

ইপিন, সোমবাৰে পুৱাৰে পৰা মা কালী থানত নিজৰ তথা পৰিয়ালৰ মংগল-কুশল কামনা কৰি ভিৰ কৰে অগণন ভক্তই । আনফালে, বিজয়পুৰ কালী মন্দিৰতো আশীষ বিচাৰি পুৱাৰে পৰা ভিৰ কৰিছেহি অগণন ভক্তই ।

লগতে পঢ়ক :Diwali 2022 in Guwahati: মহানগৰীত দীপাৱলীৰ বজাৰত কলপুলিৰ চাহিদা বৃদ্ধি

ABOUT THE AUTHOR

...view details