নলবাৰী, ১২ নৱেম্বৰ: আজি পোহৰৰ উৎসৱ দীপাৱলী । দীপাৱলীৰ দিনটোতেই শ্ৰীশ্ৰী শ্যামাপূজা অৰ্থাৎ কালী পূজা ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হয় । ব্যতিক্ৰম নহয় নলবাৰীৰ ঐতিহাসিক বালিলেছা কালী দেৱালয়ো । অসমৰ অন্যতম শক্তিপীঠ শ্ৰীশ্ৰী কালী দেৱালয় বালিলেছাত অৱস্থিত । এইবেলি বালিলেছাত আজি অৰ্থাৎ ১২ আৰু ১৩ নৱেম্বৰত দুদিনীয়াকৈ আয়োজন কৰা হয় শ্যামা পূজাৰ ।
তাৎপৰ্যপূৰ্ণ যে প্ৰতিজন ভক্তই মানস কৰা ছাগলী, পাৰ, হাঁহ, কোমোৰা, কুঁহিয়াৰ, কচু ইত্যাদি সামগ্ৰী নিশাৰ মূল পূজাত বলি দিয়া হয় । ইফালে, দিনৰ ভাগত দূৰ দূৰণিৰ পৰা অহা ভক্ত সকলে নৈবদ্য, ভোগ আগবঢ়াই চাকি, ধূপ জ্বলাই পূজা-অৰ্চনা কৰে । যাৰ বাবে প্ৰতিটো সময়তে বালিলেছাৰ শ্ৰীশ্ৰী কালী দেৱালয়ত ভক্তৰ ভিৰ হয় ।
মনকৰিবলগীয়া যে আজি অৰ্থাৎ ১২ নৱেম্বৰত ৰাতিপুৱা ধৰ্মধ্বজ্জা উত্তোলনৰে শুভাৰম্ভ কৰা হয় শ্যামা পূজাৰ । দিনটোত আয়তীৰ পানীতোলা কাৰ্যসূচী অনুষ্ঠিত হয় । ইয়াৰ পিছত নাগাৰা নামকে ধৰি, আতচবাজী প্ৰদৰ্শন, বন্তি প্ৰজ্বলন, গছপুলি ৰোপনৰ লগতে আন আন মাংগলিক আৰু সামাজিক কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ইপিনে, ১৩ নৱেম্বৰত বিশেষকৈ সন্ধিয়া বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ।