নলবাৰী, 6 অক্টোবৰ :নলবাৰীৰকেইজনমান উদ্যমী যুৱকৰ একান্ত প্ৰচেষ্টাত গঢ়লৈ উঠা এখন থলুৱা জৈৱিক খাদ্য সামগ্ৰীৰ বিপনী মুকলি কৰিলে প্ৰাক্তন আলফা নেতা জিতেন দত্তই ৷ বিপনীখন মুকলি কৰি সন্তুষ্টি প্ৰকাশ কৰে প্ৰাক্তন আলফা নেতাজনে ৷ লগতে যুৱ প্ৰজন্মৰ স্বনিৰ্ভৰশীল প্ৰচেষ্টাই এদিন অসমৰ বজাৰ দখল কৰিব বুলি আশা প্ৰকাশ কৰে জিতেন দত্তই ৷
জিতেন দত্তই কয়, থলুৱা উৎপাদন বৃদ্ধি পালেহে বজাৰখন আমাৰ হাতত থাকিব ৷ কুকুৰা কণীৰ পৰা গাহৰিৰ লগতে অন্যান্য সামগ্ৰীৰ অধিকাংশই এতিয়া বহিঃৰাজ্যৰ পৰা আমদানি হ'বলৈ আৰম্ভ কৰিছে ৷ ইয়াৰ মূল কাৰণ প্ৰয়োজনকৈ থলুৱা সামগ্ৰীৰ উৎপাদন কম ৷